ETV Bharat / state

কৃষিপথাৰত এয়া কিহৰ বুৰবুৰণি; চিন্তিত স্থানীয় লোক - Threat in crop field

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 11:41 AM IST

Underground bubbling in the crop fields of Sarupathar
কৃষিপথাৰত এয়া কিহৰ বুৰবুৰণি: চিন্তিত স্থানীয় লোক(Etv bharat assam)

Threat in crop field : সৰুপথাৰৰ মৰাণ গাঁৱত উদ্বেগজনক পৰিস্থিতি । মৰাণ গাঁৱৰ কৃষিপথাৰত অহৰহ পানীৰ বুৰবুৰণি পৰিলক্ষিত হোৱা ঘটনাই ভয়ংকৰ ইংগিত বহন কৰিছে । শংকিত স্থানীয় লোক ৷

কৃষিপথাৰত এয়া কিহৰ বুৰবুৰণি: চিন্তিত স্থানীয় লোক (Etv bharat assam)

সৰুপথাৰ, 5 মে' : এখন শস্যপথাৰৰ এটি দৃশ্যই চিন্তিত কৰি তুলিছে স্থানীয় লোকসকলক ৷ গোলাঘাট জিলাৰ নামবৰ হাবিত থকা ‘গৰম পানী উঁহ’ সদৃশ দৃশ্য উপলব্ধ হৈছে সৰুপথাৰৰ এখন কৃষি পথাৰত । সৰুপথাৰৰ মৰাণ গাঁৱৰ কৃষি পথাৰত পানীৰ বুৰবুৰণি দেখিবলৈ পোৱা গৈছে । যিয়ে চিন্তিত কৰি তুলিছে স্থানীয় লোকসকলক ৷

খেতিৰ বাবে কঠিঁয়া সিঁচিবলৈ চহাই থোৱা কৃষিভূমিত এতিয়া অহৰহ পানীৰ বুৰবুৰণি । অকল এঠাইতে নহয় পথাৰৰ অন্য ঠাইতো সেই বুৰবুৰণি দেখিবলৈ পোৱা গৈছে । কেইবাদিনো ধৰি ধাৰাবাহিকভাৱেএই বুৰবুৰণিৰ দৃশ্য দেখিবলৈ পোৱা গৈছে বুলি স্থানীয় লোকে জনায় । কৃষি ভূমিখনৰ 10-15 ফুটলৈ দেখিবলৈ পোৱা পানীৰ বুৰবুৰণিয়ে গাঁওখনৰ ৰাইজক যথেষ্ট শংকিত কৰি পেলাইছে ।

প্ৰকৃততে ভূ-গৰ্ভৰ পৰা গেছ নিৰ্গত হৈছে নে প্ৰাকৃতিক তৈল খাদৰ স্থান নে গৰম পানীৰ উঁহৰ সৃষ্টি হ'ব আদিকে ধৰি স্থানীয় ৰাইজৰ মনত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে । অৱশ্যে উক্ত স্থানত অইল ইণ্ডিয়া লিমিটেডে কোনো তৈল খাদ স্থাপন কৰা নাই বুলি স্থানীয় লোকে জনায় ৷ কিন্তু উক্ত স্থানৰ পৰা কিছু আঁতৰত অইলে কোনো কাম কৰিছিল বুলি স্থানীয় লোকে উল্লেখ কৰে ৷

স্থানীয় লোকে অৱশ্যে বৰ্তমান পৰ্যন্ত চৰকাৰী কোনো বিভাগকে এই সন্দৰ্ভত অৱগত কৰা নাই বুলি জনায় ৷ বিভাগীয় লোকে পৰীক্ষা-নিৰীক্ষা কৰাৰ পাচতহে হয়তো জানিব পৰা যাব প্ৰকৃত ঘটনাৰ কাৰণ কি ?

বাঘজান সদৃশ ভয়ংকৰ ঘটনা সংঘটিত হ’ব নেকি বুলিও আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক: অইল ইণ্ডিয়া লিমিটেডৰ ১৬২নং তৈলখাদত গেছ পৰিবাহী পাইপ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.