অসম

assam

হাফ পেণ্ট বিতৰ্কঃ সাপেখাতীৰ চৰকাৰী কাৰ্যালয়ত ওলমিল বিশেষ জাননী

By

Published : Sep 25, 2021, 5:43 PM IST

Charaideo circle office bans half pant for employees

পৰীক্ষাৰ প্ৰৱেশ পত্ৰত পোছাকক লৈ বিশেষ নিৰ্দেশনা নথকাৰ দোহাই দি পৰীক্ষাগৃহলৈ হাফ পেণ্ট পৰিধান কৰি আহিল ছাত্ৰী । শিক্ষকে পৰ্দা পিন্ধিবলৈ দি পৰীক্ষাত বহাৰ অনুমতি দিলে । ইয়াৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া । এতিয়া এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাটো বিচৰা নাই একাংশ চৰকাৰী বিষয়াই । চৰকাৰী কাৰ্যালয়ৰ বেৰত আঁৰি দিয়া হ'ল এখন বিশেষ জাননী । পিছে কি লিখা আছে এই জাননীখনত ?

মৰাণ, ২৫ ছেপ্টেম্বৰ: শেহতীয়াকৈ হাফ পেন্ট পৰিধান কৰি তেজপুৰৰ ডেকাগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্সত পৰীক্ষা দিবলৈ অহা এগৰাকী ছাত্ৰী বিতৰ্কৰ আওতাত সোমাই পৰিছিল । ইয়াৰ পিছতে ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালে বাৰে বাৰে কৈছিল যে, পৰীক্ষাৰ প্ৰৱেশ পত্ৰত পোছাকক লৈ বিশেষ নিৰ্দেশনা দিয়া হোৱা নাছিল । এই ঘটনাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই ঘটনাই প্ৰভাৱ পেলালে চৰাইদেউ জিলাৰ এটা চৰকাৰী কাৰ্যালয়ত ।

জিলাখনৰ সাপেখাতী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বেৰত আঁৰি দিয়া হ'ল এখন বিশেষ জাননী । শিষ্টাচাৰ নীতি অনুসৰি, হাফ পেন্ট পৰিধান কৰি কাৰ্যালয়লৈ নাহিবলৈ জাননীখনৰ জৰিয়তে অনুৰোধ জনোৱা হৈছে । সাপেখাতী ৰাজহ চক্ৰ বিষয়াৰ নিৰ্দেশমৰ্মে জাননীখন আঁৰি দিয়া হৈছে বুলি স্পষ্টকৈ জাননীখনত উল্লেখ কৰা হৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া ছ'চিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা ৷

সাপেখাতীৰ চৰকাৰী কাৰ্যালয়ত ওলমিল বিশেষ জাননী

এফালে, এই ঘটনা সন্দৰ্ভত কাৰ্যালয়টোত কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰাত বিগত চাৰিটা মাহৰ পূৰ্বেই পোষ্টাৰসমূহ লগোৱা হৈছে বুলি জানিবলৈ দিয়ে ।

লগতে কাৰ্যালয়টোত দুগৰাকী বিষয়া মহিলা হোৱা হেতুকে বহু লোকে অমাৰ্জিত সাজ পোছাক পৰিধান কৰি কাৰ্যালয়ত প্ৰৱেশ কৰে বাবেই পোষ্টাৰসমূহ লগোৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ পিছে এই বিষয়ত কেমেৰাৰ আগত মুখ খোলাৰ পৰা বিৰত থাকে কাৰ্যালয়টোত উপস্থিত থকা বিষয়া-কৰ্মচাৰীসকলে ৷ ইফালে, হাফ পেন্ট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক লংকেশ্বৰ গগৈয়ে ৷ তেওঁ কয় যে, কেৱল হাফ পেণ্ট পৰিধান কৰাত বাধা আৰোপ কৰাৰ পৰিৱৰ্তে চক্ৰ বিষয়া গৰাকীয়ে সকলোকে মাৰ্জিত সাজ পৰিধান কৰিবলৈ আহ্বান জনোৱা উচিত ।

লগতে পঢ়ক:১৮ বছৰ উৰ্ধৰ লোকেহে জাতিংগা মহোৎসৱত ভাগ ল'ব পাৰিব

ABOUT THE AUTHOR

...view details