১৮ বছৰ উৰ্ধৰ লোকেহে জাতিংগা মহোৎসৱত ভাগ ল'ব পাৰিব

author img

By

Published : Sep 25, 2021, 3:08 PM IST

Jatinga mahotsav

২৯ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব জাতিংগা মহোৎসৱ । পিছে ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেইবাটাও নতুন নিয়ম বান্ধি দিছে আয়োজকসকলে । জাতিংগা মহোৎসৱলৈ যোৱাৰ পূৰ্বে জানি লওক নতুন নিয়মসমূহ ।

ডিমা হাছাও,২৫ ছেপ্টেম্বৰ : অহা ২৯ আৰু ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জাতিংগা মহোৎসৱ । ইতিমধ্যে মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । পৰ্যটকক আকৰ্ষণৰ উদ্দেশ্যে সমগ্ৰ হাফলং চহৰক ইতিমধ্যে সজাই পৰাই তোলা হৈছে । বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সংস্কৃতি উপস্থানৰ উদ্দেশ্যে পকী দেৱালবোৰত তাৰ ছবি অংকন কৰা হৈছে ।

মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে এক সংবাদমেল সম্বোধন কৰে আয়োজক সমিতিয়ে । এইবাৰ সম্পূৰ্ণ ক'ভিড বিধি (Covid Protocol) পালন কৰি উদযাপন কৰা হ'ব মহোৎসৱৰ । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবাৰ ১৮ বছৰৰ তলৰ কোনেও ভাগ ল'ব নোৱাৰিব জাতিংগা মহোৎসৱত । জাতিংগা মহোৎসৱৰ আয়োজক সমিতিয়ে সংবাদ মাধ্যমক এই কথা জনাইছে ।

১৮ বছৰ উৰ্ধৰ লোকেহে জাতিংগা মহোৎসৱত ভাগ ল'ব পাৰিব

ইফালে পৰ্যটন ক্ষেত্ৰত পাহাৰীয়া জিলাখনৰ আন্ত:গাঁঠনি উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ পৰিকল্পনাত ব্যস্ত হৈ পৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব শাসিত পৰিষদ । এই মহোৎসৱৰ অন্যতম আহ্বায়ক জশৃংদাও ফংলোয়ে জানিবলৈ দিয়া মতে এই জাতিংগা মহোৎসৱত থাকিব ডিমা হাছাও জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ বিপণী, পাহাৰীয়া জিলাৰ ১৯ টা জাতি-জনগোষ্ঠীৰ লোক-সংস্কৃতি আৰু লোক নৃত্যৰ প্রদর্শন ।

অৱশ্যে ক'ভিড প্ৰতিষেধক (Covid vaccine) লোৱাৰ প্ৰমাণপত্ৰ থাকিলেহে কোনো ব্যক্তিয়ে মহোৎসৱত যোগদান কৰিব পাৰিব । তেওঁ লগতে কয় যে জাতিংগাৰ পৰিভ্রমী পক্ষীৰ সংৰক্ষণৰ লগতে যুৱ সমাজক পৰিৱেশ আৰু প্ৰকৃতিৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে । আয়োজকৰ মতে এইবাৰ মহোৎসৱত উচ্চ ক্ষমতা সম্পন্ন হেলোজেন লাইট ব্যৱহাৰ কৰা নহ'ব ।

ঠিক তেনেদৰে লাউড স্পীকাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো দৃষ্টি ৰাখিব আয়োজক সকলে । কাৰণ উচ্চ ক্ষমতা সম্পন্ন লাইট আৰু উচ্চ প্ৰাবল্যৰ শব্দ পক্ষীকূলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে । ইফালে সন্ধিয়া ৫ বজাৰ লগে লগে সকলো অনুষ্ঠানৰ অন্ত পৰিব বুলিও আয়োজকে জানিবলৈ দিয়ে । ক'ভিড (Covid) সংক্ৰমণৰ প্ৰতি লক্ষ্যৰাখি যিহেতু শিশুসকলক অনুষ্ঠানত ভাগ ল'বলৈ দিয়া নহ'ব, সেয়ে শিশুসকলৰ বাবে অনলাইনযোগে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব ।

জানিব পৰা মতে মহোৎসৱত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই সংগীত পৰিৱেশন কৰিব । উল্লেখ্য যে জাতিংগাত আগষ্ট মাহৰ পৰা নৱেম্বৰ মাহলৈ বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে । যাৰ বাবে চোৰাং চিকাৰীৰ পৰা জাতিংগাৰ পৰিভ্ৰমী পক্ষীসকলক ৰক্ষা কৰাৰ বাবে ডিমা হাছাও জিলা প্ৰশাসনে জাতিংগাত ১৪৪ ধাৰা বলবৎ কৰিছে ।

টৰ্চ লাইট, এয়াৰগান আদি অস্ত্ৰ-শস্ত্ৰ লৈ জাতিংগাত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । আনহাতে জাতিংগা মহোৎসৱৰ বাবে হাফলং চহৰৰ হ্ৰদ আৰু বিভিন্ন পৰ্যটনস্থলীৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ বিশেষ তৎপৰতা আৰম্ভ কৰিছে জিলাৰ পৰ্যটন বিভাগে ।

লগতে পঢ়ক :চৰকাৰক SOP সলনি কৰিবলৈ আহ্বান সংকল্পৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.