অসম

assam

ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন যুৱ কংগ্ৰেছৰ

By

Published : Sep 19, 2021, 10:27 AM IST

youth-congress-is-celebrating-national-unemployment
যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন ()

শনিবাৰে বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু উত্তৰ অভয়াপুৰী সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত ‘ৰাষ্ট্ৰীয় নিবনুৱা দিৱস’(National Unemployment Day) পালন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ(PM Modi) জন্মদিন 20 দিনীয়াকৈ উদযাপন কৰাৰ বিপৰীতে নিবনুৱা দিৱসেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ যুৱ কংগ্ৰেছৰ ৷

অভয়াপুৰী, 19 ছেপ্তেম্বৰ : যুৱ কংগ্ৰেছৰ(Youth Congress) 20 দিনীয়া ‘ৰাষ্ট্ৰীয় নিবনুৱা দিৱস’(National Unemployment Day) পালন ৷ বিজেপি(BJP) কৰ্মকৰ্তাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ(PM Modi) জন্মদিন 20 দিনীয়াকৈ উদযাপন কৰাৰ সময়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যুৱ কংগ্ৰেছে ৷

যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন

নিবনুৱা দিৱস পালনেৰে বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু উত্তৰ অভয়াপুৰী সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত বালাৰচৰ বাণিজ্য বজাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে যুৱ কংগ্ৰেছৰ নেতাসকলে ৷ যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়ক, নিবনুৱা সমস্যা সমাধান কৰক, বিজেপি গ’বেক, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, যুৱ কংগ্ৰছ জিন্দাবাদ আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক:নৰেন্দ্ৰ মোডীৰ জন্মদিনত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ 'নিবনুৱা দিৱস' পালন

উল্লেখ্য যে, ক’ভিড(Covid) 19 মহামাৰীৰ সময়চোৱাত দেশত লাখ লাখ নিবনুৱাই কৰ্ম সংস্থাপনৰ অভাৱত হতাশাত ভূগিবলগীয়া হৈছে ৷ যুৱক-যুৱতীসকলে কৰ্ম সংস্থাপনৰ বাবে হাহাকাৰ কৰি ফুৰিছে ৷ যাৰ ফলস্বৰূপে কিছুসংখ্যক কৰ্ম সংস্থাপনহীন যুৱক-যুৱতীয়ে অনৈতিক কাৰ্য-কলাপত লিপ্ত হৈছে ৷

ইফালে নিবনুৱাসকলক কৰ্ম সংস্থাপন দিয়াৰ বিপৰীতে চৰকাৰে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ পুঁজিপতিৰ হাতত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে ৷ দেশৰ অৰ্থনৈতিক অৱস্থাও শোচনীয় হৈ পৰা বুলি বিভিন্ন সংবাদ মাধ্যমযোগে সম্প্ৰচাৰ হৈ আছে ৷ এনেবোৰ কাৰ্যৰ পাচতো বিজেপিৰ কৰ্মকৰ্তাসকলে প্ৰধানমন্ত্ৰীৰ জন্মদিন 20 দিনকৈ উদযাপন কৰা কাৰ্যই ক্ষোভিত কৰি তুলিছে বিৰোধী পক্ষ আৰু সচেতন মহলক ৷

সেয়েহে জন্মদিন উদযাপনৰ বিপৰীতে সচৰাচৰ নিজ চকুৰে দেখা পোৱা সমস্যাসমূহ অচিৰেই সমাধান কৰিবলৈ মোডী চৰকাৰক কাতৰ আহ্বান জনাইছে যুৱ কংগ্ৰেছে ৷ বিজেপিয়ে প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন 20 দিনীয়াকৈ উদযাপন কৰাৰ যি সিদ্ধান্ত লৈছে, তাৰ বিৰোধিতা কৰি যুৱ কংগ্ৰেছেও ঠায়ে ঠায়ে 20 দিনকৈ ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ জন্মদিনত ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details