অসম

assam

Pijush Hazarika criticizes Aminul Islam : আমিনুল ইছলাম ভাৰত বিৰোধী মানুহ: পীযুষ হাজৰিকা

By

Published : Jul 31, 2022, 8:06 AM IST

Pijush Hazarika criticizes APCC president Bhupen Bora and MLA Aminul Islam
আমিনুল ইছলাম ভাৰত বিৰোধী মানুহ: পীযুজ হাজৰিকা ()

‘‘আমিনুল ইছলাম ভাৰত বিৰোধী মানুহ ৷ ভাৰত বিৰোধী ব্যক্তিসকলক ধৰিলে আমিনুল ইছলামহতঁৰ ফৰফৰনি উঠে । ভূপেন বৰাই নিজে ওস্তাদি মাৰি নিজেই ফচিছে । দিল্লীত চাগৈ সুধিছে প্ৰমাণ কি আছে দিয়া তেতিয়া চুপ হৈ গ’ল ।’’ বঙাইগাঁৱত দুই বিৰোধীক এইদৰে কঠোৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika calls MLA Aminul Islam anti Indian) ৷

বঙাইগাঁও, 31 জুলাই : অসমত জেহাদী কাৰ্যকলাপ সন্দৰ্ভত বিধায়ক আমিনুল ইছলামক কঠোৰ ভাষাৰে সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ (Pijush Hazarika criticizes Aminul Islam)। মন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমিনুল ইছলামৰ দৰে ভাৰত বিৰোধী লোক সকলে ক’বই । ভাৰত বিৰোধী ব্যক্তিসকলক ধৰিলে আমিনুল ইছলামহতঁৰ ফৰফৰনি উঠে । আমিনুল ইছলাম এজন ভাৰত বিৰোধী মানুহ’’ (Pijush Hazarika calls MLA Aminul Islam anti Indian) ৷

লগতে কংগ্ৰেছ সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই কয়, ‘‘ভূপেন বৰাই নিজে ওস্তাদি মাৰি নিজেই ফচিছে । দিল্লীত চাগৈ সুধিছে প্ৰমাণ কি আছে দিয়া তেতিয়া চুপ হৈ গ’ল । কালিলৈ ক্ৰচ ভোটিং কৰা সকলক ৰেহাই দিয়া নহ’ব বুলি কৈ চিঞৰি থকা ভূপেন বৰা আজি নিজেই চুপ হ’বলৈ দিলে বিধায়কসকলক’’ । শনিবাৰে বঙাইগাঁৱত এটা পেঞ্চন সেৱা কেন্দ্ৰ মুকলি অনুষ্ঠানত এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

আমিনুল ইছলাম ভাৰত বিৰোধী মানুহ: পীযুজ হাজৰিকা

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ কৃতজ্ঞতা আঁচনিৰ অধীনত (Kritagyata scheme in Assam) চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট লাঘব কৰাৰ লক্ষ্যৰে শুকুৰবাৰে ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰা হয় (Pension Service Center under the Kritagyata scheme)।

ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ বঙাইগাঁৱতো পেঞ্চন সেৱা কেন্দ্ৰৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই (Pension service center in Bongaigaon)। এই কেন্দ্ৰটো বঙাইগাঁও জিলাৰ পুৰণি বঙাইগাঁও হাইস্কুলত উদ্বোধন কৰা হয় যদিও আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠান বীৰঝৰা পাব্লিক লাইব্ৰেৰিত অনুষ্ঠিত হয় । উক্ত পেঞ্চন সেৱা উদ্বোধনী অনুষ্ঠানটোত বঙাইগাঁও জিলা উপায়ুক্ত নবদীপ পাঠক, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মন, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোস্না ৰাণী বৰ্মন উপস্থিত থাকে ৷

লগতে পঢ়ক:Pension Sewa Kendra: ডিব্ৰুগড়ত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী অতুল বৰাই

ABOUT THE AUTHOR

...view details