ETV Bharat / state

বিশাল ৰোড শ্ব’ৰে বিজেপিয়ে সকলোতে বজাইছে নিৰ্বাচনী ৰণডংকা - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

BJP road show in Barpeta: বৰপেটাৰোডত বিজেপিৰ বিশাল ৰোড শ্ব’ ৷ ৰাজ্যৰ তিনি মন্ত্ৰীয়ে অংশ লয় এই ৰোড শ্ব’ত ৷

minister atul borah Ranjeet Kumar Dass and pijush hazarika take part in road show in barpeta
বিশাল ৰোড শ্ব’ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 4, 2024 at 7:35 AM IST

Updated : May 4, 2024 at 8:52 AM IST

3 Min Read
তিনি মন্ত্ৰীৰ ভাষ্য (ETV BHARAT ASSAM)

বৰপেটাৰোড, 3 মে’ : আগন্তুক 7 মে’ত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰদলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ শুকুৰবাৰে বৰপেটাৰোডত এক বিশাল ৰোড শ্ব’ অনুষ্ঠিত হয় ৷ শুকুৰবাৰৰ এই বিশাল ৰোড শ্ব’ত অংশ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী পীযুষ হাজৰীকা আৰু কুমাৰ দীপক দাসে ৷

বৰপেটাৰোডৰ বিজেপি কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰোড শ্ব’টো চহৰখনৰ মাজমজিয়াৰে আহি বৰপেটাৰোডৰ ষ্টেডিয়ামত উপস্থিত হয় । বিশাল ৰোড শ্ব’ত বৰপেটাৰোডৰ হাজাৰ হাজাৰ মহিলাই অংশ লৈ নাচিবাগি আনন্দ উল্লাস কৰা দেখা গ’ল ৷ ৰোড শ্ব’ত অংশ লোৱা মন্ত্ৰী পীযুষ হাজৰীকাই সংবাদ মাধ্যমক কয়, ‘‘জনসংযোগ বিভাগৰ মন্ত্ৰী হিচাপে অসমৰ প্ৰতিজন সাংবাদিকৰ লগত মন্ত্ৰী পীযুষ হাজৰীকাৰ সুহৃদ সম্পৰ্ক আছে । সেয়ে সকলো সাংবাদিককে মন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জনোৱাৰ লগতে সকলো সাংবাদিকৰ ভাল হোৱাটো কামনা কৰে ৷’’

দুটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানক কংগ্ৰেছে বৰ্জন কৰা সম্পৰ্কত মন্ত্ৰী পীযুষ হাজৰীকাই পুনৰ কয়, ‘‘কংগ্ৰেছ স্বৈৰাতন্ত্ৰৰ এটা উদাহৰণ । ইমাৰজেন্সী কংগ্ৰেছেই আনিছিল আৰু সকলোৰে কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছিল কংগ্ৰেছে ৷ কংগ্ৰেছে এইবোৰ কৰিয়ে থাকে ৷ নতুনত্ব একো নাই ৷ আজিৰ তাৰিখত কংগ্ৰেছ ক’তো নাই ৷’’

ৰোড শ্ব’ত অংশ লোৱা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, ‘‘মোদীৰ সৱ কা সাথ সৱ কা বিকাশ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপি আঁচনিৰ বাবে যি পৰিৱেশ পাইছে, তাৰ বাবেই ৰোড শ্ব’ত যথেষ্ট সংখ্যক মানুহে অংশ লৈছে ৷ তাৰোপৰি বৰপেটাৰোডত মোদী চৰকাৰ, হিমন্ত চৰকাৰ আৰু ৰাজা সৰকাৰৰ নেতৃত্বত ত্ৰিপল ইঞ্জিনৰ চৰকাৰ চলি আছে বাবে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো মানুহে শুকুৰবাৰৰ ৰোড শ্ব’ত অংশ লৈছে’’ ৷

তাৰোপৰি পূৰ্বৰ পাটাছাৰকুছি সমষ্টিৰ আশী শতাংশ ভোট মিত্ৰদলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে লাভ কৰিব বুলি উল্লেখ কৰি বৰপেটাৰোডতো মিত্ৰদলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে আশী শতাংশ ভোট লাভ কৰিব বুলি কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

ৰোড শ্ব’ত অংশলৈ মন্ত্ৰী অতুল বৰাই কয়, ‘‘কংগ্ৰেছ আৰু এ আই ইউ ডি এফ হতাশ গ্ৰস্ত দল ৷ দল দুটাৰ অপকৰ্মৰ বাবে কংগ্ৰেছ দলৰ পৰা মানুহ ওলাই আহিছে ৷ যিটো সময়ত মানুহে কংগ্ৰেছত যোগদান কৰিব লাগিছিল সেই নিৰ্বাচনৰ সময়তে কংগ্ৰেছৰ পৰা মানুহ ওলাই আহি আছে ৷ কংগ্ৰেছ নিৰাশ হৈছে, কংগ্ৰেছ হতাশ হৈছে’’ ।

ৰাজ্যখনত সৰ্বত্ৰে NDA প্ৰাৰ্থীৰ সপক্ষে ঢৌ বৈছে বুলি উল্লেখ কৰি এইবাৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ বিধ্বস্ত হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এইবাৰৰ নিৰ্বাচন উন্নয়নৰ হকে হৈছে ৷ বৰপেটাত অসম গণ পৰিষদৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ’ব বুলি দাবী মন্ত্ৰী অতুল বৰাৰ ৷

লগতে পঢ়ক : কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’ : বিৰোধীক কটাক্ষ - LOK SABHA ELECTION 2024

Last Updated : May 4, 2024 at 8:52 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.