ETV Bharat / politics

কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’ : বিৰোধীক কটাক্ষ - LOK SABHA ELECTION 2024

KOKRAJHAR LOK SABHA SEAT : কোকৰাঝাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত শুকুৰবাৰে সন্ধিয়া বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷

KOKRAJHAR LOK SABHA SEAT
কোকৰাঝাৰত ৰোড শ্ব'ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 3, 2024 at 9:57 PM IST

3 Min Read
Choose ETV Bharat

কোকৰাঝাৰ, 3 মে’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ কালিপুখুৰী এলেকাৰ জৰেগাঁও খেলপথাৰত ইউ পি পি এল প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷ এই নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলায় ৷

বিশমুৰীৰ পৰা সৰলপাৰালৈ যোৱা 40 কিলোমিটাৰ পথ পুনৰ নিৰ্মাণ, কালিপুখুৰী বাসুগাঁৱৰ চম্পাৱতী নদীৰ ওপৰত দলং নিৰ্মাণ, কালিপুখুৰী হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা, ঘৰে ঘৰে অৰুণোদয় আৰু ৰেচন কাৰ্ড প্ৰদান কৰাকে ধৰি আন কেবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

KOKRAJHAR LOK SABHA SEAT
মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV BHARAT ASSAM)

তেওঁ ভাষণত কয় যে কোকৰাঝাৰত পদুম ফুল মানেই ট্ৰেক্টৰ, ট্ৰেক্টৰ মানেই পদুম ফুল ৷ নিৰ্বাচনৰ পিচতে প্ৰতিটো পৰিয়ালক অৰুণাদয় দিয়া হ'ব, যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ'ব ৷ ৰেচন কাৰ্ড থাকিলে অৰুণোদয় পাব ৷

নাঙলে অৰুণোদয় দিব পাৰিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কোকৰাঝাৰ, দিল্লী, দিছপুৰ ক’তোৱেই নাঙল নাই ৷ কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই বুলি মন্তব্য কৰি খেতি যেনেকৈ ট্ৰেক্টৰেদি ভাল হয়, ভাল কামো তেনেকৈ এন ডি এ চৰকাৰৰ দ্বাৰা কৰা হয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে ৷

তেওঁ লগতে প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰে ইতিমধ্যে এক লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিলে আৰু আগন্তুক জুলাই মাহত পুনৰ পঞ্চাশ হেজাৰ যুৱক-যুৱতীক চাকৰি দিয়া হ’ব বুলি জনায় ৷ তেওঁ তাৰ বাবে যুৱক-যুৱতী সকলক সাজু হৈ থকাৰ বাবে আহ্বান জনায় ৷ কেৱল এয়াই নহয় চাকৰি নোপোৱা সকলক অসম চৰকাৰে দুই লাখ টকা বেহা-বেপাৰ তথা বাণিজ্য কৰিবলৈ দিব, তাৰে এক লাখ টকাহে চৰকাৰক ওভোতাই দিব লাগিব বাকী এক লাখ নালাগে বুলি জনায় মুখ্যমন্ত্ৰীয়ে ৷

তদুপৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মেট্ৰিক পাছ কৰা লৰা-ছোৱালীক বিনামূলীয়াকৈ নাম ভৰ্তিৰ সুবিধা দিয়াৰ উপৰিও প্ৰতিগৰাকী মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীৰ বেংক একাউণ্টত পঢ়া-শুনাৰ খৰচৰ বাবদ দহ হাজাৰ কৈ টকা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷

ইফালে কোকৰাঝাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ সমৰ্থনত সন্ধিয়া বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহুমুখী খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই ৰোড শ্ব' কোকৰাঝাৰ চহৰ পৰিভ্ৰমণ কৰি হিমৎসিংকা খেলপথাৰত অন্ত পৰে ৷

ৰোড শ্ব’ৰ সময়চোৱাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ ৰোড শ্ব'ত বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, মন্ত্ৰী অশোক সিংহল, বিধায়ক লৰেঞ্চ ইছলাৰী আদিকে ধৰি বহু নেতাই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : এজন বিৰোধী নেতাই বিজেপিক ৭খন দিয়েই দিলে : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024