অসম

assam

Lok kalyan divas 2023: জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁৱত লোক কল্যাণ দিৱস পালন

By

Published : Aug 6, 2023, 12:43 PM IST

বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ত "লোক কল্যাণ দিৱস" পালন ৷ অকন ৰাভালৈ প্ৰদান কৰা হয় 'লোক সেৱা পুৰস্কাৰ' বঁটা ৷

LOK KALYAN DIVAS OBSERVED IN  Bongaigaon
জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁৱত লোক কল্যাণ দিৱস পালন

বঙাইগাঁও, 6 আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 73 সংখ্যক মৃত্যু দিৱস পালন কৰা হয় 5 আগষ্টৰ দিনা । বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁৱতো পালন কৰা হয় অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ স্মৃতিত লোক কল্যাণ দিৱস । বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় এই দিৱসটো ।

জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁৱত লোক কল্যাণ দিৱস পালন

দিনটোৰ সৈতে সংগতি ৰাখি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ সভাপতিত্বত আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত "লোক সেৱা পুৰস্কাৰ" প্ৰাপক অকন ৰাভাক পুৰস্কাৰ প্ৰদান কৰে বিধায়ক ফণীভূষণ চৌধুৰীয়ে । পুৰস্কাৰটিত আছে নগদ পঁচিশ হেজাৰ টকা, এখনি প্ৰশস্তিপত্ৰ আৰু তেওঁৰ এবছৰ চাকৰি কাল বৃদ্ধি ।

বঁটা প্ৰদান কৰি বিধায়কগৰাকীয়ে অকন ৰাভাৰ এই বঁটা প্ৰাপ্তিৰ পিচত আন কৰ্মচাৰীও উৎসৰ্গিত মনোভাৱেৰে কাম কৰিবলৈ অনুপ্ৰাণিত হ'ব বুলি আশা প্ৰকাশ কৰে । সভাত জিলা আয়ুক্ত নৱদ্বীপ পাঠকে আদৰণী ভাষণত আগবঢ়ায় কয় যে ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে জিলা প্ৰশাসনে শনিবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুৰ দিনটো "লোক কল্যাণ দিৱস "হিচাপে পালন কৰিছে । বঙাইগাঁও জিলাৰ কৰ্মচাৰীয়ে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো 'লোক সেৱা পুৰস্কাৰ' পাবলৈ সক্ষম হৈছে । এয়া জিলাখনৰ বাবে গৌৰৱৰ বিষয় বুলি কয় জিলা আয়ুক্তগৰাকীয়ে ।

বঁটাপ্ৰাপক অকন ৰাভাই বঁটা গ্ৰহণ কৰি 'তেওঁ ভালদৰে কাম কৰিছিল কৰ্তব্য পালনৰ অৰ্থেহে, বঁটা পাবলৈ নহয়' বুলি উল্লেখ কৰি বঁটা লাভ কৰি তেওঁ আনন্দিত বুলি মনৰ ভাব ব্যক্ত কৰে । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকা, জিলা উন্নয়ন আয়ুক্ত ধ্ৰূৱজ্যোতি দাসকে ধৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Tea estates in Assam: জেট্টা ফাৰ্মৰ উদ্যোগত অসমত 1000 একৰ ভূমিত স্থাপন হ’ব চাহ বাগিচা

ABOUT THE AUTHOR

...view details