ETV Bharat / state

Tea estates in Assam: জেট্টা ফাৰ্মৰ উদ্যোগত অসমত 1000 একৰ ভূমিত স্থাপন হ’ব চাহ বাগিচা

author img

By

Published : Aug 6, 2023, 9:25 AM IST

অসমত 1000 একৰৰ এক বিশাল চাহ বাগিচাৰ স্থাপনেৰে চাহ উদ্যোগত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে জেট্টা ফাৰ্ম ৷ শনিবাৰে সংবাদ মেলযোগে জনায় এই কথা ৷

tea plantations in Assam
জেট্টা ফাৰ্মৰ গুৱাহাটীত সংবাদমেল

জেট্টা ফাৰ্মৰ গুৱাহাটীত সংবাদমেল

গুৱাহাটী, 6 আগষ্ট : কৃষি উদ্যোগত বিপ্লৱ আনিবলৈ আগশাৰীৰ জেট্টা ফাৰ্মে গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলযোগে অসমত 1000 একৰৰ বিশাল চাহ বাগিচা সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে জেট্টা ফাৰ্মে । উৰ্বৰা মাটি আৰু অনুকূল জলবায়ুৰ বাবে বিখ্যাত অসমত নতুন চাহ বাগিচাখনে জেট্টা ফাৰ্মছৰ দ্বাৰা এক বহনক্ষম চাহ উৎপাদন আৰ্হি সৃষ্টি কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে জেট্টা ফাৰ্মছ কৰ্তৃপক্ষই ।

সংবাদ মেল সম্বোধন কৰি ফাৰ্মছৰ প্ৰতিষ্ঠাপক ৰিতুৰাজ শৰ্মাই কয় যে, চাহ হ’ল দেশৰ দ্বিতীয় সৰ্বাধিকভাৱে গ্ৰহণ কৰা পানীয় ৷ জনপ্ৰিয়তা আৰু উচ্চ চাহিদা থকা স্বত্বেও খণ্ডটোৱে লোকচানৰ সন্মুখীন হৈছে ৷ যাৰ ফলত কৃষকসকলৰ উপাৰ্জন নিম্নমুখী হৈছে । জেট্টা ফাৰ্মচ খণ্ডৰ জৰিয়তে পৰিৱৰ্তন আহিব বুলি আশা প্ৰকাশ কৰিছে । খেতিৰ উৎপাদন উন্নত কৰাৰ লগতে খেতিয়কসকলক উন্নত জীৱিকা আৰু জীৱন ধাৰণৰ মানদণ্ড প্ৰদান কৰি উন্নত কৰা আৰু শক্তিশালী কৰাই তেওঁলোকৰ লক্ষ্য বুলি সংবাদ মেলত উল্লেখ কৰে ।

কৃষিক্ষেত্ৰত সাৰ্থকতা নিশ্চিত কৰিবলৈ জেট্টা ফাৰ্মে কৃষিৰ পৰা বিপণন আৰু ব্ৰেণ্ডিংলৈকে সকলো সামৰি লোৱা বুলি জানিবলৈ দিয়ে । মাৰ্কেটিং আৰু খুচুৰা ব্যৱসায়ত জয়পুৰ চকী আৰু আৰপিজে টি প্ৰাইভেট লিমিটেড তেওঁলোকৰ অংশীদাৰ বুলি জনায় । জয়পুৰ চকী আহমেদাবাদত অনলাইন আৰু অফলাইন ব্যৱসায় চলাই থকা বুলি জনোৱাৰ লগতে বৰ্তমান কোম্পানীটোৰ এই চহৰত 10 খন বিপণী আছে বুলি জনায় ।

কোম্পানীটোৱে চহৰৰ 10 টা স্থানত 100 তকৈ অধিক বিপণী গঢ়ি তোলাৰ বাবে পৰিকল্পনা পুহি ৰাখিছে । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি ফাৰ্মছৰ প্ৰতিষ্ঠাপক ৰিতুৰাজ শৰ্মাই এই সন্দৰ্ভত কয়, ‘‘অসমৰ চাহ সমৃদ্ধ ঐতিহ্য অব্যাহত থকাৰ মাজতে জেট্টা ফাৰ্মছৰ 1000 একৰ ভূমিত চাহ উৎপাদন আৰম্ভ কৰিলে ই এক উল্লেখযোগ্য উদ্যোগ হিচাপে বিবেচিত হ’ব । অসমে বছৰি প্ৰায় 700 নিযুত কিলোগ্ৰাম চাহ উৎপাদন কৰে আৰু ভাৰতৰ চাহ উৎপাদনৰ প্ৰায় আধা অংশ । আমি এই সমৃদ্ধিশালী দৃশ্যপটৰ অংশ হ'বলৈ পাই আনন্দিত হৈছো । আমাৰ লক্ষ্য হৈছে অতুলনীয় মানদণ্ডৰ চাহ উৎপাদন কৰা আৰু অসমৰ সংস্কৃতি শক্তিশালী কৰাৰ লগতে স্থানীয় কৃষকক লাভান্বিত কৰা ।’’

লগতে পঢ়ক : Earthquake jolts North India: হিন্দুকোষত উৎপত্তি হোৱা ভূমিকম্পত কঁপিল দিল্লীসহ উত্তৰ ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.