অসম

assam

সত্যৰঞ্জন বৰাই মুছলমানক গালি দিয়াৰ সলনি হিন্দুৰ হৈ মাত নামাতে কিয় ?

By

Published : Sep 27, 2020, 10:20 PM IST

বঙাইগাঁৱৰ উত্তৰ শালমাৰাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে কৃষক মুক্তি-গৰিয়া মৰিয়াৰ প্ৰতিক্ৰিয়া । সত্যৰঞ্জন বৰাক বিজেপিৰ জাৰজ সন্তান আখ্যা ।

KMSS and Goria Moria Deshi Jatiya Parishad reaction on Satyaranjan Bora speech in Bongaigaon
সত্যৰঞ্জন বৰাই মুছলমানক গালি দিয়াৰ সলনি হিন্দুৰ হৈ মাত নামাতে কিয়?: কৃষক মুক্তি

বঙাইগাঁও, 27 ছেপ্তেম্বৰ: বঙাইগাঁৱত দেওবাৰে সত্যৰঞ্জন বৰাৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷

উল্লেখ্য যে, বঙাইগাঁৱৰ উত্তৰ শালমাৰাত হিন্দু জাগৰণ মঞ্চৰ অনুষ্ঠানত সত্যৰঞ্জন বৰাই হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক মন্তব্য কৰাৰ পাচতে জাঙুৰ খাই উঠে সংগঠন দুটা ৷

কৃষক মুক্তি বঙাইগাঁও জিলা সমিতিৰ সম্পাদক নন্দন দেৱ নাথে কয় যে, ‘‘সত্যৰঞ্জন বৰাক হিন্দুৰ নামত কলংক বুলি কোৱাৰ লগতে ভণ্ড বুলি কোৱা হয় । অসম বিজেপিৰ জাৰজ সন্তান বুলিও কয় বৰাক । তেওঁ মুছলমানৰ বিৰুদ্ধে কৈ হিন্দুত্ববাদী হ’ব খোজে, কিন্তু হিন্দুৰ হৈ একো মাত নামাতে’’ ৷

সত্যৰঞ্জন বৰাই মুছলমানক গালি দিয়াৰ সলনি হিন্দুৰ হৈ মাত নামাতে কিয়?: কৃষক মুক্তি

ইফালে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সম্পাদক হাচিবুল আলীয়ে কয় যে, ‘‘এইজন সাম্প্ৰদায়িক ব্যক্তিক কিয় অনুষ্ঠানত অংশ লোৱাৰ অনুমতি প্ৰদান কৰে ?’’ তেওঁক গ্ৰেপ্তাৰ কিয় কৰা নহয় বুলি চৰকাৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰে সম্পাদক আলীয়ে ৷

লগতে পঢ়ক:বিটিচিত গুপ্ত নহয়, মুক্ত হত্যা চলেঃ এবিএমছু

ABOUT THE AUTHOR

...view details