ETV Bharat / state

বিটিচিত গুপ্ত নহয়, মুক্ত হত্যা চলেঃ এবিএমছু

author img

By

Published : Sep 27, 2020, 9:39 PM IST

"পূৰ্বৰ চুক্তি সমূহত যিদৰে অবড়োসকল বঞ্চিত হৈ আহিছে, ঠিক একেদৰে এই চুক্তিটো অন্য জাতি-জনগোষ্ঠীৰ হকে একো নাই। ভূমিহীন থলুৱা লোক পুনৰ বঞ্চিত হ'ব। এই চুক্তিয়ে কেতিয়াও শান্তি ঘূৰাই আনিব নোৱাৰে। শান্তি আনিবলৈ হ'লে সকলোকে সমদৃষ্টিৰে চাব লাগিব। কিন্তু এই চুক্তিত কেৱল বড়ো লোকসকলৰ বাবেহে।" এই মন্তব্য টাইছন হুছেইনৰ ৷

ABMSU pressmeet at guwahati
বিটিচিত গুপ্ত নহয়, মুক্ত হত্যা চলেঃ এবিএমছু

গুৱাহাটী,27 ছেপ্তেম্বৰঃ বিটিআৰ চুক্তি সন্দৰ্ভত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই। এই চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'লে অবড়োসকল তথা বিশেষকৈ সংখ্যালঘু জনতা কি কি সমস্যাত পৰিব তাৰ কথা উল্লেখ কৰি সৰৱ হৈ পৰে ছাত্ৰ সংগঠনটো । বিটিআৰ চুক্তিক একপক্ষীয় আখ্যা দি এই চুক্তিৰ ফলত পুণৰ বিটিচিত ভাতৃঘাতী সংঘৰ্ষ হ'ব বুলি মন্তব্য কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে। লগতে হুছেইনে কয়, "পূৰ্বৰ চুক্তি সমূহত যিদৰে অবড়োসকল বঞ্চিত হৈ আহিছে, ঠিক একেদৰে এই চুক্তিটো অন্য জাতি-জনগোষ্ঠীৰ হকে একো নাই। ভূমিহীন থলুৱা লোক পুনৰ বঞ্চিত হ'ব। এই চুক্তিয়ে কেতিয়াও শান্তি ঘুৰাই আনিব নোৱাৰে। শান্তি আনিবলৈ হ'লে সকলোকে সমদৃষ্টিৰে চাব লাগিব। কিন্তু এই চুক্তিত কেৱল বড়ো লোকসকলৰ বাবেহে।" ইফালে বিটিআৰ চুক্তি কাৰ্যকৰী আয়োগত অন্য জনজাতিৰ লোকক অন্তৰ্ভুক্ত নকৰা কাৰ্যটো ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে।

বিটিচিত গুপ্ত নহয়, মুক্ত হত্যা চলেঃ এবিএমছু

উক্ত আয়োগত এবিএমছুৰ এগৰাকী প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰি সকলো জাতি-জনগোষ্ঠীৰ হকে চুক্তি কাৰ্যকৰী কৰাৰ দাবী তুলিলে ছাত্ৰ সংগঠনটোৱে। লগতে বিটিচিৰ প্ৰেক্ষাপট দেখি উদ্বিগ্নতা প্ৰকাশ কৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই। সংগঠনটোৰ নেতা তথা বিটিচিৰ সংগ্ৰামী কণ্ঠ লাফিকুল ইছলামৰ হত্যা প্ৰসংগ টানি এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে ক'লে, "বিটিচিত গুপ্ত হত্যা নহয়, মুক্ত হত্যা চলে। জনসমাগমৰ মাজত দিনদুপৰতে মানুহক হত্যা কৰা হয়। জ্বলাই দিয়া হয় একোখনকৈ গাঁও। বহু শান্তি চুক্তি হ'ল যদিও আজিলৈ উন্নত নহ'ল পৰিস্থিতি। এতিয়া বিটিচিৰ সীমান্ত এলেকাত আছে বহু অস্ত্ৰ-শস্ত্ৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ নিৰিহৰ তেজেৰে ৰাঙলী হ'ব পাৰে। এই ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনৰ ভুমিকা অতি জৰুৰী।" আনহাতে বিটিএডিৰ সামগ্ৰিক উন্নয়নৰ বাবে শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগক আহ্বান জনালে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই।

লগতে পঢ়কঃ গৃহ ভূমিত বিপুল আদৰণি AJP সমন্বয়ক জগদীশ ভূঞাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.