অসম

assam

বঙাইগাঁৱত বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 8:06 PM IST

অভয়াপুৰী উত্তৰ আৰু দক্ষিণ সমষ্টিত বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ । অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় ১৯ বছৰ অনুৰ্ধ ফুটবল খেল ।

Khel Maharan 2023
অভয়াপুৰী উত্তৰ আৰু দক্ষিণ সমষ্টিত খেল মহাৰণ

মাণিকপুৰ, ২৯ নৱেম্বৰ : বঙাইগাঁও জিলাৰ অন্তৰ্গত অভয়াপুৰী উত্তৰ আৰু দক্ষিণ বিধানসভা সমষ্টিত বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ হৈছে । বুধবাৰে অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিত বিধানসভা সমষ্টি পৰ্যায়ৰ অসম খেল মহাৰণ শুভাৰম্ভ কৰে জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে । অসম খেল মহাৰণ শুভাৰম্ভ কৰি তেওঁ কয় যে অসম খেল মহাৰণৰ যি উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা হৈছে সেয়া হ'ল আমাৰ গাঁৱে-ভূঞে লুকাই থকা ক্ৰীড়া প্ৰতিভাক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ দিয়া ।

ইতিমধ্য গাঁও-পঞ্চায়ত পৰ্যায়ত খেল অনুষ্ঠিত কৰাৰ পিছত বহু সংখ্যক খেলুৱৈ বিধানসভা পৰ্যায়লৈ নিৰ্বাচিত হৈছে বুলি উল্লেখ কৰে জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে । আজি অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ১৯ বছৰ অনুৰ্ধ খেলুৱৈৰ মাজত ফুটবল খেল আৰু মৌখোৱা খেল পথাৰত ১৯ বছৰ উৰ্ধ খেলুৱৈৰ মাজত ফুটবল খেল অনুষ্ঠিত কৰা হয় । আনহাতে,কালি জিলা আয়ুক্ত নৱদ্বীপ পাঠকে অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিত বিধানসভা সমষ্টি পৰ্যায়ৰ খেল শুভ উদ্বোধন কৰে ।

মঙলবাৰে বাপুজী হাইস্কুলৰ খেল পথাৰত ১৯ বছৰ অনুৰ্ধ খেলুৱৈৰ মাজত ফুটবল,অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেল পথাৰত ১৯ বছৰ উৰ্ধৰ খেলুৱৈৰ বাবে ফুটবল খেল আৰু অভয়াপুৰী কলেজৰ খেল পথাৰত এথলেটিকছ খেল অনুষ্ঠিত হয় । দুয়োদিনৰ খেলতে মহকুমা ক্ৰীড়া বিষয়া পুস্পেন্দু দাস আৰু সংশ্লিষ্ট শাৰীৰিক প্ৰশিক্ষকসকল উপস্থিত থাকে ।

উল্লেখ্য় যে অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভাসমূহ বিকাশৰ কাৰণে এখন মঞ্চ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে 'খেল মহাৰণ ২০২৩' ৷ ইয়াৰ অংশ স্বৰূপে প্ৰথমে গাঁও পঞ্চায়ত আৰু পৌৰসভা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিভিন্ন খেল প্ৰতিযোগিতা ৷ ৰাজ্যৰ ক্ৰীড়া প্ৰতিভাসমূহক এখন প্ৰকৃত মঞ্চ আগবঢ়াই দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ১ নৱেম্বৰৰ পৰা খেল মহাৰণ আৰম্ভ হৈছে ৷ ৰাজ্যজুৰি এমাহ ধৰি পঞ্চায়ত ভিত্তিত চলি আছে খেল মহাৰণ ২০২৩ ।

লগতে পঢ়ক:টীয়কতো শংখনাদ হ’ল খেল মহাৰণ 2023 ৰ

ABOUT THE AUTHOR

...view details