টীয়কতো শংখনাদ হ’ল খেল মহাৰণ 2023 ৰ

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 2:21 PM IST

thumbnail

টীয়ক, 28 নৱেম্বৰ : ৰাজ্যৰ ক্ৰীড়া জগতত এক নতুন দিগন্তৰ সূচনাৰ উদ্দেশ্যেৰে অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈক এখন মঞ্চ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হৈছে খেল মহাৰণ । ইতিমধ্যে পঞ্চায়ত পৰ্যায়ত বিভিন্ন বিভাগৰ খেল প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাচত সোমবাৰৰ পৰা সমগ্ৰ অসমতে সমষ্টি ভিত্তিক খেলসমূহ অনুষ্ঠিত হৈছে ।

সোমবাৰৰ পৰা টীয়কতো সমষ্টি ভিত্তিক খেল মহাৰণ অনুষ্ঠিত হৈছে ৷ টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ খেলপথাৰত টীয়ক সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত পৰ্যায়ত নিৰ্বাচিত খেলুৱৈসকলক লৈ সমষ্টি ভিত্তিক খেল মহাৰণ অনুষ্ঠিত হয় । সমষ্টিটোৰ 19 খন পঞ্চায়তৰ প্ৰায় কেইবা শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাত ৷

টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই শুভ উদ্বোধন কৰা এই প্ৰতিযোগিতাৰ আৰম্ভণি অনুষ্ঠানত টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, কাৰ্যবাহী বিষয়া শিখা নাথ, অগপৰ জিলা সম্পাদক দ্বীপেন বৰগোঁহাইকে প্ৰমুখ্য কৰি কেইবাগৰাকীও চৰকাৰী বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক:মানৱ সৰবৰাহ: নৈশ বাছৰ পৰা বহিঃৰাজ্যলৈ পঠোৱা ৭ কিশোৰীক উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.