বিশ্বনাথ, 8ছেপ্টেম্বৰ:বিশ্বানাথৰ চেলাইখাতিত সংঘটিত হয় এক শোকাৱহ ঘটনা (Tragic incident in Biswanath) ৷ স্বাস্থ্য বিভাগে যোগান ধৰা আইৰণৰ বড়ি খাই মৃত্যু হ’ল এগৰাকীৰ ছাত্ৰীৰ (Student dies after popping iron pill at school) ৷ ঘটনা অনুসৰি, বুধবাৰে বিশ্বনাথৰ স্বাস্থ্য বিভাগ আৰু অংগনবাদী কৰ্মীসহ আশাকৰ্মীৰ এটা দলে নদুৱাৰ ফৰেষ্ট বড়ো প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিছিল স্বাস্থ্য বিভাগে যোগান কৰা আইৰণৰ বড়ি ৷
এই বড়ি খাই দিনৰ ভাগত ছাত্ৰীগৰাকী সুস্থ আছিল যদিও বুধবাৰে নিশাৰ ভাগত ৰেচমা দৈমাৰী নামৰ ছাত্ৰীগৰাকী হঠাৎ অসুস্থ হৈ পৰে ৷ ক্ৰমাৎ জ্বৰ বৃদ্ধি হোৱাত পৰিয়ালৰ লোকে ঘৰুৱাভাৱে মূৰত পানী দিয়া আদি প্ৰাথমিক চিকিৎসা কৰাত জ্বৰ কিছু কমাত ছাত্ৰীগৰাকী অলপ সুস্থ হৈ উঠে ৷ তাৰ পিছতেই আকস্মিকভাৱে বৃহস্পতিবাৰে পুৱা ১০ মান বজাত মৃত্যু ঘটে ছাত্ৰীগৰাকীৰ ৷