অসম

assam

সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জৰ বন বিষয়া-বনকৰ্মীলৈ সাহসিকতা বঁটা

By

Published : Oct 8, 2021, 10:31 PM IST

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জৰ বন বিষয়া বনকৰ্মীলৈ সাহসিকতা বঁটা

বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈ নামেৰী বন্যপ্ৰাণী ৰেঞ্জৰ বন কৰ্মী দলটোৱে চোৰাংচিকাৰীৰ পৰা চাৰিটাকৈ হস্তনিৰ্মিত বন্দুক, এটা গছ কটা মেছিন, তিনিখনকৈ বোল্ডাৰ ভৰ্তি ট্ৰেক্টৰ জব্দ কৰাৰ লগতে চাৰিটা চোৰাংচিকাৰী, ১২ টা দুস্কৃতিকাৰীক আটক কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছিল ।

বিশ্বনাথ, 8 অক্টোবৰ : শোণিতপুৰ জিলাৰ পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডল তথা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জৰ বন বিষয়া লগতে সমূহ বনকৰ্মীলৈ সাহসিকতা বঁটা প্ৰদান বন বিভাগৰ । বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সাহসিকতাৰ আৰু প্ৰশস্তিপত্ৰ বঁটা প্ৰদান বন বিভাগে শুকুবাৰে ।

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জৰ বন বিষয়া বনকৰ্মীলৈ সাহসিকতা বঁটা

বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈ নামেৰী বন্যপ্ৰাণী ৰেঞ্জৰ বন কৰ্মী দলটোৱে চোৰাংচিকাৰীৰ পৰা চাৰিটাকৈ হস্তনিৰ্মিত বন্দুক, এটা গছ কটা মেছিন, তিনিখনকৈ ব’ল্ডাৰ ভৰ্তি ট্ৰেক্টৰ জব্দ কৰাৰ লগতে চাৰিটা চোৰাংচিকাৰী, ১২ টা দুস্কৃতিকাৰীক আটক কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছিল ।

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জৰ বন বিষয়া বনকৰ্মীলৈ সাহসিকতা বঁটা

তদুপৰি দেবেশ্বৰ পগাগ নামৰ এটা দুধৰ্ষ চোৰাংচিকাৰীক ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীয়ে মুখামুখি সংঘৰ্ষত গুলীয়াই নিহত কৰিছিল । তাৰ লগতে কালামাটি বন্যপ্ৰাণী ৰেঞ্জ, সোণাই- ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মী সকলেও এই সময় ছোৱাত সাহসিকতাৰে কৰ্তব্য সম্পাদন কৰি ২০ টা গছ কটা মেছিন আৰু তিনিটাকৈ হস্তনিৰ্মিত বন্দুক চোৰাং চিকাৰী আৰু দুস্কৃতিকাৰীৰ পৰা জব্দ কৰাৰ লগতে ৯ টাকৈ চোৰাংচিকাৰী আৰু দুস্কৃতিকাৰীক আটক কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছিল । এই অভিযানৰ কাল ছোৱাত দুবাৰকৈ দুস্কৃতিকাৰী আক্ৰমণত চাৰিজনকৈ বনকৰ্মী আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছিল ।

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জৰ বন বিষয়া বনকৰ্মীলৈ সাহসিকতা বঁটা

উল্লেখযোগ্য যে, সাহসিকতাৰ স্বীকৃতি স্বৰূপে ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ আন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ এই সকল বনকৰ্মীক শুকুবাৰে পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনত ৰাজ্যৰ বন বাহিনীৰ মুৰব্বী ড৹ অলকা ভাৰ্গৱ আৰু প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ড৹ অমিত সাহায়ে প্ৰদান কৰে এই বঁটা ।

লগতে পঢ়কঃ বৰঝাৰ বিমানবন্দৰৰ লীজ চুক্তি বাতিলৰ দাবীত গুৱাহাটী ক্লাৱত বিক্ষোভ

ABOUT THE AUTHOR

...view details