বৰঝাৰ বিমানবন্দৰৰ লীজ চুক্তি বাতিলৰ দাবীত গুৱাহাটী ক্লাৱত বিক্ষোভ

author img

By

Published : Oct 8, 2021, 8:39 PM IST

বৰঝাৰ বিমানবন্দৰ আদানীক গতাই দিয়াৰ লীজ চুক্তি বাতিলৰ দাবীত গুৱাহাটী ক্লাৱত বিক্ষোভ

গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানীক গতাই দিয়াৰ লীজ চুক্তি বাতিল কৰা আৰু কৈটা সিদ্ধিৰ ভূমি অধিগ্ৰহণৰ জাননী প্ৰত্যাহাৰৰ কৰাৰ দাবী তুলি গুৱাহাটী ক্লাৱত উদ্যোগ বচাওক শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি, অসমৰ বিক্ষোভ কাৰ্যসূচী ।

গুৱাহাটী,৮ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ ছটা বিমান বন্দৰৰ সৈতে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আদানী গোষ্ঠীক গতাই দিয়াৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে উদ্যোগ বচাওক শ্ৰমিক বছাওক যৌথ সংগ্ৰাম সমিতি ,অসম আমাৰ সংগঠন টোৰ নেতৃবৃন্দই ।

বৰঝাৰ বিমানবন্দৰ আদানীক গতাই দিয়াৰ লীজ চুক্তি বাতিলৰ দাবীত গুৱাহাটী ক্লাৱত বিক্ষোভ

ইফালে ৰাজ্য চৰকাৰে বিমানবন্দৰ সম্প্ৰসাৰণৰ নামত বিমানবন্দৰৰ কাষৰীয়া দুখনকৈ গাঁৱৰ প্ৰায় ৫৫ বিঘা ভূমি অধিগ্ৰহণ কৰি আদানী গ্ৰুপক দিবলৈ ওলোৱা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰি সংগঠনটোৱে বৃহস্পতিবাৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ গুৱাহাটী ক্লাৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

সংগঠনটোৱে গোপীনাথ বৰদলৈৰ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰ সমূহত এয়াৰপোৰ্ট অথৰিতি এম্পলয়জ ইউনিয়নে ক’লা দিৱস পালন কৰাৰ লগতে ক’লা বেজ পৰিধান কৰি চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

প্ৰতিবাদকাৰী সকলে অসমত আদানী-আম্বানীৰ দখল দাৰ নচলিব, বিমানবন্দৰ আদানিক দিয়াৰ লীজ চুক্তি বাতিল কৰক, ৰাজহুৱা খণ্ড বাতিল কৰক, মোদী-শ্বাহৰ কৰ্পৰেট ৰাজ নচলিব, দেশ বিক্ৰী কৰা মোদী চৰকাৰ নিপাত যাওক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

লগতে পঢ়কঃ সুশান্ত আৰু কুশল থাওৰা সমষ্টিৰ উন্নয়নৰ গাড়ী : ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.