অসম

assam

বিশ্বনাথত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ

By

Published : Oct 20, 2021, 12:56 PM IST

hindu-jagran-manch-protest-at-biswanath

বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকসকল দুৰ্গা পূজা উদযাপনত ব্যস্ত থকাৰ সময়তে মন্দিৰসমূহত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ এই আক্ৰমণৰ ফলত তিনিজনকৈ লোক নিহত হোৱাৰ লগতে বহু লোক আঘাতপ্ৰাপ্ত হয় ৷ এই ঘটনাক লৈ ভাৰততো সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

বিশ্বনাথ, 20 অক্টোবৰ : বাংলাদেশত হিন্দুৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণ তথা হত্যাকাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে প্ৰতিবাদ ৷ এই হিংসাত্মক ঘটনাৰ বিৰুদ্ধে মঙলবাৰে বিশ্বনাথ নগৰত হিন্দু জাগৰণ মঞ্চই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

হিন্দু জাগৰণ মঞ্চই বিশ্বনাথ নগৰৰ মাজমজিয়াত অৱস্থান কৰি এই ঘটনাৰ প্ৰতিবাদ জনায় ৷ প্ৰতিবাদকাৰীসকলে হিন্দুৰ ওপৰত চক্ৰান্ত বন্ধ কৰক, বাংলাদেশী হুঁচিয়াৰ, মৌলবাদী হুঁচিয়াৰ, শ্বেখ হাছিনা মূৰ্দাবাদ, হিন্দু সুৰক্ষাৰ ক্ষেত্ৰত বুদ্ধিজীৱী নিমাত কিয়, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিমাত কিয় আদি বিভিন্ন শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷

বিশ্বনাথ নগৰৰ মাজমজিয়াত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে হিন্দুসকলৰ উদাৰবাদী নীতিৰ সুবিধা মুছলমানসকলে গ্ৰহণ কৰাৰ অভিযোগ কৰে ৷ তেওঁলোকে বাংলাদেশ চৰকাৰ আৰু মৌলবাদীসকলক হিন্দুসকলৰ উদাৰতাৰ সুযোগ নল’বলৈ সকীয়নি প্ৰদান কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত হিন্দু জাগৰণ মঞ্চৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি-সম্পাদক প্ৰমুখ্যে আন আন বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :কংগ্ৰেছ-বামপন্থীয়ে তৃতীয় পক্ষৰে ভাষিক সংঘাত সৃষ্টিৰ আখৰা চলাইছে : বিজেপি

ABOUT THE AUTHOR

...view details