অসম

assam

Felicitation of Rabindra Singh: ৰবীন্দ্ৰ সিঙলৈ ফেডাৰেচন অৱ অল ইণ্ডিয়া টি ট্ৰেডাৰ্ছ এছ’চিয়েচনৰ বিশেষ সন্মান

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 7:25 AM IST

বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ পৰিচালক ৰবীন্দ্ৰ সিঙলৈ বিৰল স্বীকৃতি । দেশৰ সৰ্বোচ্চ চাহ ব্যৱসায়ী সংস্থা ফেডাৰেচন অৱ অল ইণ্ডিয়া টি ট্ৰেডাৰ্ছ এছ’চিয়েচনে সম্বৰ্ধনা জ্ঞাপন কৰে বিশিষ্ট সমাজকৰ্মী তথা সাকোমঠা চাহ বাগিচাৰ পৰিচালক ৰবীন্দ্ৰ সিঙক ।

Rare recognition to tea garden manager Ravindra Singh
চাহ বাগিচাৰ পৰিচালক ৰবীন্দ্ৰ সিঙলৈ বিৰল স্বীকৃতি

বিশ্বনাথ, ২৭ আগষ্ট:অসমৰ চাহ উদ্যোগলৈ ৫৬ বছৰ ধৰি সেৱা আগবঢ়োৱা বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ পৰিচালক ৰবীন্দ্ৰ সিঙলৈ দেশৰ সৰ্বোচ্চ চাহ ব্যৱসায়ী সংস্থাই আগবঢ়াইছে বিৰল স্বীকৃতি । ৮০ বছৰ বয়সটো নিজৰ কৰ্মস্পৃহাৰ বলত চাহ উদ্যোগলৈ অৱদান আগবঢ়াই আহিছে বিশ্বনাথৰ ৰবীন্দ্ৰ সিঙে । চাহ উদ্যোগলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ চাহ ব্যৱসায়ী সংস্থা ফেডাৰেচন অৱ অল ইণ্ডিয়া টি ট্ৰেডাৰ্ছ এছ’চিয়েচনে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে ।

উল্লেখ্য যে, আজিৰ পৰা ৫৬ বছৰ পূৰ্বে অসমলৈ আহিছিল ৰবীন্দ্ৰ সিং । তেতিয়া তেওঁ চফল ডেকা । চাহ উদ্যোগৰ প্ৰতি আকৰ্ষিত হৈ নিজকে নিয়োজিত কৰিছিল অসমৰ দুলুং চাহ বাগিচাত । তাৰ পিছত বিভিন্ন চাহ বাগিচাত বিভিন্ন পদবীত নিয়োজিত হৈ আহিছিল ৰবিন্দ্ৰ সিং । ১৯৭৩ চনত সিং আহিছিল বিশ্বনাথ চাৰিআলিৰ সাকোমঠা চাহ বাগিছালৈ । কিছুদিনৰ পিছত পুনৰ আন বাগিছালৈ বদলি হয় তেওঁ ।

চাহ বাগিচাৰ সহ-পৰিচালক, পৰিচালককে ধৰি বিভিন্ন পদবীত থাকি বিৰল অভিজ্ঞতাৰ গৰাকী হয় তেওঁ । ১৯৯৪ চনত তেওঁ পুনৰ ঘুৰি আহে বিশ্বনাথলৈ । তেতিয়াৰ পৰা বিশ্বনাথৰ সামাজিক ক্ষেত্ৰখনৰ সৈতে একাত্ম হৈ পৰে সিং । নব্বৈৰ দশকত আৰম্ভ হোৱা ক্ষুদ্ৰ চাহ খেতিৰ উত্তৰণত সিঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । যাৰ বাবে তেখেতে ২০০২ চনত লাভ কৰে কেন্দ্ৰীয় বিকাশ জ্যোতি বঁটা ।

এনে বিড়ল সন্মানৰ পিছতো থমকি নৰল ৰবীন্দ্ৰ সিং । চাহ খেতিৰ সমান্তৰালভাৱে অঞ্চলটোক আগুৱাই নিয়া ক্ষুদ্ৰ চাহ খেতিয়কক উৎসাহিত কৰাত কোনো কৃপণালি কৰা নাছিল । ক'ভিদ ১৯ ৰ সময়ত চাহ উদ্যোগলৈ বিপৰ্যয় আহিলেও চাহ উদ্যোগত এই বিপৰ্যয়ৰ সময়ত ওচৰৰ পৰা ৰক্ষা কৰা সকলৰ ভিতৰতো সিঙৰ ভূমিকা আছিল অনন্য । যাৰ বাবে ফেডাৰেচন অৱ অল ইণ্ডিয়া টি ট্ৰেডাৰ্ছ এছ’চিয়েচনে(FAITTA) ৰবীন্দ্ৰ সিঙলৈ আগবঢ়াইছে বিৰল স্বীকৃতি ।

চাহ সংস্থাটোৰ যোৰহাট টোকলাইত অনুষ্ঠিত নৱম সাধাৰণ পৰিষদত অলপতে মাতৃ উদ্যোগলৈ নিজৰ সেৱা আগবঢ়োৱা জ্যেষ্ঠ ৰোপণকাৰীসকলৰ লগতে বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ পৰিচালকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে । ২৫ আগষ্টৰ নিশা এই বিৰল সন্মান লাভ কৰাৰ বাবে বিশ্বনাথৰ সাংবাদিক সকলে সিঙক এটা জাপি আৰু এখন ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰে ।

সাংবাদিকসকলৰ অভিনন্দন গ্ৰহণ কৰি ৰবীন্দ্ৰ সিঙে কয় যে তেওঁৰ সেৱাই স্বীকৃতি পোৱাটো তেওঁৰ বাবে সঁচাকৈয়ে গৌৰৱৰ বিষয় । ৫৬ বছৰতকৈও অধিক সময় ধৰি অসমৰ চাহ উদ্যোগক অবিৰতভাৱে আৰু সেৱা আগবঢ়াই পূৰ্ণ নিষ্ঠা, সততা আৰু আন্তৰিকতাৰে কাৰ্যসম্পাদন কৰি আহিছো বুলিও উল্লেখ কৰে সিঙে ।

লগতে তেওঁৰ সেৱাক সন্মান জনোৱাৰ বাবে দেশৰ সৰ্বোচ্চ চাহ ব্যৱসায়ী সংস্থা ফেডাৰেচন অফ অল ইণ্ডিয়া টি ট্ৰেদাৰ্স এছচিয়েচনক ধন্যবাদ জ্ঞাপন কৰে ।ইয়াৰোপৰি বিশ্বনাথত চাহ পৰ্যটনক আগুৱাই নিয়াৰ ক্ষেত্ৰটো তেওঁ সহযোগিতা আগবঢ়াই যাব বুলিও সাংবাদিকসকলৰ আগত মত প্ৰকাশ কৰে ।

লগতে পঢ়ক:All Assam Karmachari Parishad: ৰাজ্যৰ উন্নয়নমুখী যাত্ৰাত কৰ্মচাৰীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ; মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details