ETV Bharat / state

All Assam Karmachari Parishad: ৰাজ্যৰ উন্নয়নমুখী যাত্ৰাত কৰ্মচাৰীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ; মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 10:38 PM IST

সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক বার্ষিক সাধাৰণ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ২৫ আগষ্টৰ পৰা আৰু ২৭ আগষ্টলৈ তিনিদিনীয়াকৈ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে এই সাধাৰণ সভা ।

All Assam Karmachari Parishad
All Assam Karmachari Parishad

সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক বার্ষিক সাধাৰণ সভা

গুৱাহাটী ২৬ আগষ্ট: সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক বার্ষিক সাধাৰণ সভা । পৰিষদৰ উদ্যোগত তিনিদিনীয়াকৈ অৰ্থাৎ ২৫, ২৬ আৰু ২৭ আগষ্টলৈ অনুষ্ঠিত কৰা হৈছে এই সাধাৰণ সভা ।

পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ অনুষ্ঠিত হোৱা এই সভাত প্ৰথম দিনৰ মুকলি আলোচনা কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুকলি আলোচনাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশাসনীয় সংস্কাৰ, সাধাৰণ জনতা আৰু কৰ্মচাৰীৰ বিষয়ত ভাষণ ৰাখে ।

  • আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৮সংখ্যক বাৰ্ষিক অধিৱেশনত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ। ৰাজ্যৰ উন্নয়নমুখী যাত্ৰাত আমাৰ কৰ্মচাৰীসকলৰ ভূমিকা আৰু দক্ষতাই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। pic.twitter.com/h3ZLKRirL7

    — Himanta Biswa Sarma (@himantabiswa) August 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অনুষ্ঠানটোত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান আন্দোলন বৰ্জিত পৰিৱেশৰ মাজত কৰ্মচাৰীসকলে সামাজিক, অৰ্থনৈতিক দিশত অগ্ৰগতি লাভ কৰিছে । চৰকাৰী কৰ্মচাৰীৰ DA উত্তৰ-পূৱৰ আন আন ৰাজ্যতো বাদেই, পশ্চিম বংগইয়ো ক’ভিডৰ সময়ৰ পৰা আজিলৈকে দিব পৰা নাই ৷ কিন্তু অসমে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পাছতেই DA দি আহিছে ।

  • Live: Attending 38th Annual General Meet of All Assam Karmachari Parishad at Karmachari Bhawan Campus, Panjabari https://t.co/s4ThZEQDBV

    — Himanta Biswa Sarma (@himantabiswa) August 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে কয়, ‘‘অসমত চাকৰি কৰি থকা সময়ত কোনো কৰ্মচাৰীৰ মৃত্যু হ’লে পৰিয়ালে যি সম্পূৰ্ণ দৰমহা পাই আছে সেয়া অসমৰ বাহিৰে আন কোনো ৰাজ্যতে হোৱা নাই । আন আন ৰাজ্যই এই আঁচনি দেখি স্তম্ভিত হৈ পৰিছে । বৰ্তমান অসমত কোনো চৰকাৰী চাকৰি এটকাও নিদিয়াকৈ পাইছে। আগতে চাকৰিৰ বাবে মন্ত্ৰী-বিধায়কৰ ওচৰলৈ যাব লগা হৈছিল ।’’

‘‘আজি অসমৰ কৰ্মচাৰীয়ে ক’ব পাৰে যে মই মেধাৰ বাবেই এই চাকৰি পাবলৈ সক্ষম হৈছোঁ । সেই কাৰণে মোক মোৰ বিধায়কে গালি পাৰি আছে, কাৰণ বৰ্তমান মন্ত্ৰী-বিধায়ক বুলি চাকৰি দিব পৰা নাই,’’ তেওঁ কয় ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্মচাৰী পৰিষদক উদ্দেশ্যে কয় যে যদি কৰ্মচাৰী পৰিষদৰ সদস্য সকলো কৰ্মচাৰী হয় তেন্তে কাম কৰাৰ নামত তেওঁলোকৰ বাবে কিয় টকা বিচাৰে । কৰ্মচাৰী এগৰাকীৰ মাটিৰ সীমাৰ কামত গ’লে একে কৰ্মচাৰী পৰিষদৰ হোৱাৰ পাছতো কিয় সকলো কামৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰলৈ আহিব লাগে ? এই পৰিৱেশ সলনি কৰিব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও সাংসদ পল্লৱলোচন দাস, অসম সাহিত্য সভাৰ সভাপতি সূৰ্য কান্ত হাজৰিকাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Indrani Tahbildar case: প্ৰাক্তন বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক গ্ৰেপ্তাৰ; নাম সাঙোৰ খাইছে শান্তনু পূজাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.