অসম

assam

বিশ্বনাথত ড্ৰোণৰ সহায়ত সাৰ-কীটনাশক প্ৰয়োগৰ সফল পৰীক্ষণ

By

Published : Sep 20, 2022, 5:11 PM IST

Updated : Sep 20, 2022, 5:30 PM IST

drone

বিশ্বনাথ জিলা কৃষি বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগ । কৃষি পথাৰত ড্ৰোণৰ সহায়ত সাৰ, কীটনাশক দব্য প্ৰয়োগ কৌশলৰ সফল পৰীক্ষণ (experiment of using Drone in Agri activity) ।

বিশ্বনাথ, ২০ ছেপ্টেম্বৰ :ড্ৰোণৰ সহায়ত পৰীক্ষামূলকভাৱে কৃষি পথাৰত সাৰ (নেন' ইউৰিয়া) আৰু কীটনাশক দব্য প্ৰয়োগ কৰা কৌশলৰ এক বিশেষ কাৰ্যসূচী ১৯ ছেপ্টেম্বৰৰ দিনা বিশ্বনাথ জিলাৰ ঘাহিগাঁও কৃষি চক্রৰ অন্তৰ্গত ভোলাগুৰিত সফলতাৰে ৰূপায়ণ কৰা হয় (experiment of using Drone in Agri activity) । বিশ্বনাথ জিলাৰ গহপুৰত প্ৰথমবাৰৰ বাবে ভোলাগুৰি গাঁৱত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা এই পদ্ধতিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই (Fertilizers and pesticides applied by drones) ।

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প চমুকৈ APART, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ উত্তৰ-পূব আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠান, IFFCO তথা বি চি এছ ৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসন, বিশ্বনাথ জিলা কৃষি বিভাগ, ICCOA, বিশ্বনাথৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

বিশ্বনাথত ড্ৰোণৰ সহায়ত সাৰ-কীটনাশক প্ৰয়োগৰ সফল পৰীক্ষণ

অনুষ্ঠানটোত উত্তৰ-পূব আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ড০ পি পি ৰাও , আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী বিবেক কুমাৰ, জিলা কৃষি বিষয়া দীপক বাঢ়ৈ, মহকুমা কৃষি বিষয়া (বিশ্বনাথ) বনেশ্বৰ বে', মহকুমা কৃষি বিষয়া (গহপুৰ) দিব্যজ্যোতি ফুকন, কৃষি উন্নয়ন বিষয়া ৰক্তিম শইকীয়া, IFDC-ৰ ড০ ৰবি প্ৰমুখ্যে দুই বিজ্ঞানী, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ APART-ৰ বিষয়াসকলকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

ড্ৰোণৰ যোগেদি কৃষি পথাৰত পৰীক্ষামূলকভাৱে সাৰ (নেন' ইউৰিয়া) আৰু কীটনাশক দব্য প্ৰয়োগ কৰাৰ পাছতে কৃষকসকলক এই পদ্ধতিৰ বিষয়ে এক প্ৰশিক্ষণো প্ৰদান কৰা হয় । উল্লেখযোগ্য যে ১০ লিটাৰ নেন' ইউৰিয়া কঢ়িয়াই লৈ যাব পৰা ড্ৰোণখনে ৬ পৰা ৮ মিনিটৰ ভিতৰত তিনি বিঘা কৃষিভূমিত নেন' ইউৰিয়া প্ৰয়োগ কৰিবলৈ সক্ষম ।

বিশ্বনাথত ড্ৰোণৰ সহায়ত সাৰ-কীটনাশক প্ৰয়োগৰ সফল পৰীক্ষণ

উত্তৰ-পূব আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ড০ পি পি ৰাৱে সদৰী কৰা অনুসৰি, এই অত্যাধুনিক ড্ৰোণখন ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা উপলব্ধ হোৱাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে এই ড্ৰোণখন বিনামূলীয়াকৈ আৰু কৃষি উৎপাদক গোটসমূহে ৮০% ৰেহাই মূল্যত লাভ কৰিব পাৰিব । ইয়াৰ উপৰি উক্ত সভাতে পি এম কিষাণ আৰু ধান ক্ৰয় সৰ্ম্পকে জিলা কৃষি বিষয়া দীপক বাঢ়ৈয়ে কৃষক ৰাইজৰ মাজত বিশদভাৱে আলোচনা কৰে ।

উল্লেখ্য, অসমত পোন প্ৰথমবাৰৰ বাবে বিগত সপ্তাহত ড্ৰোণযোগে পৰীক্ষামূলকভাৱে কৃষি পথাৰত সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা হয় (Fertilizers and pesticides applied to agriculture by drones) ৷ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত বিন্দুকুৰি কৃষি চক্ৰৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱত কৃষি বিভাগৰ তৰফৰ পৰা ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ৷ অসমত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা এই পদ্ধতিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

লগতে পঢ়ক :পোন প্ৰথম বাৰৰ বাবে ড্ৰোণযোগে অসমৰ কৃষি পথাৰত প্ৰয়োগ সাৰ আৰু কীটনাশক দ্ৰব্য

Last Updated :Sep 20, 2022, 5:30 PM IST

ABOUT THE AUTHOR

...view details