পোন প্ৰথম বাৰৰ বাবে ড্ৰোণযোগে অসমৰ কৃষি পথাৰত প্ৰয়োগ সাৰ আৰু কীটনাশক দ্ৰব্য

author img

By

Published : Sep 13, 2022, 9:51 PM IST

Fertilizers and pesticides applied to agriculture by drones

শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত বিন্দুকুৰি কৃষি চক্ৰৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱত ড্ৰোণৰ যোগেদি অসমত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে কৃষি পথাৰত সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা হয় (Fertilizers and pesticides applied to agriculture by drones) । শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে উত্তৰ-পূৱ অঞ্চলৰ কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষা প্ৰতিষ্ঠানৰ সঞ্চালকৰ লগতে IFFCO Beyer Company ৰ বিষয়াসকল উপস্থিতিত পৰীক্ষামূলকভাৱে এই পদ্ধতিৰ ব্যৱহাৰ কৰা হয় ।

তেজপুৰ, ১২ ছেপ্টেম্বৰ : অসমত পোন প্ৰথমবাৰৰ বাবে ড্ৰোণযোগে পৰীক্ষামূলকভাৱে মঙলবাৰে কৃষি পথাৰত সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা হয় (Fertilizers and pesticides applied to agriculture by drones) ৷ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত বিন্দুকুৰি কৃষি চক্ৰৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱত কৃষি বিভাগৰ তৰফৰ পৰা ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ৷ অসমত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা এই পদ্ধতিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প চমুকৈ APART, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ উত্তৰ পূৱ আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠান, IFFCO আৰু BCS ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসন, জিলা কৃষি বিভাগ, ICCOA আৰু বিন্দুকুৰিৰ মজিয়া কৃষি উৎপাদক গোটৰ সহযোগত আয়োজিত কৰা হয় এই অনুষ্ঠানৰ ৷

ড্ৰোণযোগে অসমৰ খেতি পথাৰত প্ৰয়োগ সাৰ আৰু কীটনাশক দ্ৰব্য

লগতে পঢ়ক : তেজপুৰত ড্ৰোণযোগে কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা হ’ব সাৰ আৰু কীটনাশক

এই অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, উত্তৰ-পূৱ আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ পি পি ৰাও, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, IFFCO ৰ উপ মহা প্ৰৱন্ধক বেদ পাল ৷ লগতে উপস্থিত থাকে Beyer Company ৰ খাদ্য শৃংখল প্ৰৱন্ধক নন্দিনী মণ্ডল, জিলা কৃষি বিষয়া পংকজ শইকীয়া, ICCOA ৰ জিলা বিষয়া কিশোৰ বৰুৱা, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অংগনা শৰ্মা, মহকুমা কৃষি বিষয়া (উদ্যান শস্য) প্ৰাঞ্জল শৰ্মা, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ড৹ খনীন্দ্ৰ বৰ্মন, প্ৰণৱ বৰা আৰু বহু বিশিষ্ট ব্যক্তি ।

Fertilizers and pesticides applied to agriculture by drones
ড্ৰোণযোগে অসমৰ খেতি পথাৰত প্ৰয়োগ সাৰ আৰু কীটনাশক দ্ৰব্য

ড্ৰোণৰ যোগেদি কৃষি পথাৰত পৰীক্ষামূলকভাৱে নেন’ ইউৰিয়া প্ৰয়োগৰ পাচতে কৃষকসকলক এই পদ্ধতিৰ বিষয়ে প্ৰদান কৰা হয় এক প্ৰশিক্ষণো । উল্লেখযোগ্য যে, ১০ লিটাৰ নেন’ ইউৰিয়া কঢ়িয়াই লৈ যাব পৰা ড্ৰোণখনে ৬ পৰা ৮ মিনিটৰ ভিতৰত তিনি বিঘা কৃষি পথাৰত নেন’ ইউৰিয়া প্ৰয়োগ কৰিব পৰা ক্ষমতা আছে ।

উত্তৰ-পূৱ আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ পি পি ৰাৱে সদৰী কৰা অনুসৰি, এই অত্যাধুনিক ড্ৰোণখন ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা উপলব্ধ হোৱাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে এই ড্ৰোণখন বিনামূলীয়াকৈ আৰু কৃষি উৎপাদক গোটসমূহে ৮০ % ৰেহাই মূল্যত লাভ কৰিব ।

লগতে পঢ়ক : কাৰ ভুলৰ বাবে ধোঁৱাচাঙত খোৱাঙৰ স্বচ্ছ ভাৰত আঁচনি ?

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.