কাৰ ভুলৰ বাবে ধোঁৱাচাঙত খোৱাঙৰ স্বচ্ছ ভাৰত আঁচনি ?

author img

By

Published : Sep 13, 2022, 6:31 PM IST

Poor Condition of old bus stand of Khowang
কাৰ ভুলৰ বাবে খোৱাঙত ধোঁৱাচাঙত স্বচ্ছ ভাৰত আঁচনি ! ()

ডিব্ৰুগড়ৰ খোৱাঙত ধোঁৱাচাঙত উঠিল স্বচ্ছ ভাৰত আঁচনি ৷ গেলা-পচা জাৱৰেৰে কদৰ্যময় হৈ পৰিছে মৰাণৰ সমীপৰ খোৱাঙৰ পুৰণা বাছ আস্থানটো (Swachh Bharat scheme become insignificant) ৷ কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷

ডিব্ৰুগড়, 13 ছেপ্টেম্বৰ : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে স্বচ্ছ ভাৰত আঁচনি ৰূপায়নত খৰচ কৰিছে কোটি কোটি টকা । তেনে এক সময়তে ডিব্ৰুগড়ৰ খোৱাঙত ধোঁৱাচাঙত উঠিছে স্বচ্ছ ভাৰত আঁচনিখন । স্বচ্ছতাৰ নামত অভিলাষী আঁচনি ৰূপায়ন কৰা সময়তে জাৱৰে-জোথৰে এক প্ৰকাৰে কদৰ্যময় কৰি তুলিছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ পুৰণা বাছ আস্থান । এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷

অঞ্চলটোৰ ৰাইজে উল্লেখ কৰা অনুসৰি, দ’মে দ’মে গেলা-পচা জাৱৰেৰে ভৰি পৰিছে উক্ত বাছ আস্থানটোৰ চৌহদ । বৰ্তমান অব্যৱহৃত হৈ থকা এই বাছ আস্থানটোত এতিয়া কেৱল জাৱৰ আৰু জাৱৰ (Swachh Bharat scheme become insignificant) । এই সন্দৰ্ভত কাণষাৰ নাই দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষৰ ৷

কাৰ ভুলৰ বাবে খোৱাঙত ধোঁৱাচাঙত স্বচ্ছ ভাৰত আঁচনি !

স্থানীয় একাংশ লোকে উল্লেখ কৰা অনুসৰি, খোৱাং টাউনৰ একাংশ অসচেতন লোকে দৈনিক এই ঠাইডোখৰত জাৱৰ-জোথৰ পেলায় । যাৰ ফলত গেলা-পচা জাৱৰৰ দুৰ্গন্ধৰ কাষেৰে পাৰ হৈ যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে । ইফালে এই জাৱৰ নিষ্কাষণৰ বাবে খোৱাং ব্যৱসায়ী সন্থালৈ সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ পৰা এখন বাহনো প্ৰদান কৰা হৈছিল ৷ কিন্তু বৰ্তমান এই বাহনখন ফুলদানি সদৃশ সজাই থোৱাহে পৰিলক্ষিত হৈছে (Swachh Bharat scheme in Khowang) ।

লগতে পঢ়ক : পথ মেৰামতিৰ দাবীত কলগাছিয়াত আমছুৰ ধৰ্ণা

উল্লেখ্য যে, ঠাইডোখৰ চৰকাৰী ভূমি হোৱা বাবে বহু লোকে কোনো ভ্ৰূক্ষেপ নকৰি দায়িত্বজ্ঞানহীনভাৱে যিয়ে যেনেকৈ পাৰে জাৱৰ পেলাবলৈ ধৰিছে । মন কৰিবলগীয়া যে, এই ঠাই ডোখৰতে খোৱাঙৰ এখন দুৰ্গা পূজাও অনুষ্ঠিত হয় । ইয়াৰ উপৰিও, খোৱাঙৰ পুৰণা বাছ আস্থানতে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰাজহুৱা এটা শৌচাগাৰো নিৰ্মাণ কৰিছিল ৷

কিন্তু ৰাইজৰ বাবেহে আজিও মুকলি নহ’ল শৌচাগাৰটো । কেইবা লাখ টকাৰে নিৰ্মাণ হোৱা আটক ধুনীয়া শৌচাগাৰটো কেইবা বছৰ আগতে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচতো ৰাইজৰ বাবে মুকলি নোহোৱাত আজিও অব্যৱহৃত হৈয়েই পৰি ৰৈছে ৷ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : কি হ’ব আমাৰ ভৱিষ্যত ! এখন বিদ্যালয়ৰ দুৰাৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.