তেজপুৰত ড্ৰোণযোগে কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা হ’ব সাৰ আৰু কীটনাশক

author img

By

Published : Sep 12, 2022, 10:02 PM IST

Fertilizers and pesticides will applied to agriculture by drones in Tezpur

অসমত প্ৰথমবাৰৰ বাবে তেজপুৰত ড্ৰোণ যোগে কৃষি পথাৰত সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ হ’ব (Fertilizers and pesticides will applied to agriculture by drones)।

তেজপুৰ, ১২ ছেপ্টেম্বৰ: অসমত পোন প্ৰথমবাৰৰ বাবে ড্ৰোণ যোগে পৰীক্ষামূলকভাৱে কৃষি পথাৰত সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ হ’ব ৷ অহা ১৩ ছেপ্টেম্বৰত পোনপ্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত বিন্দুকুৰি কৃষি চক্ৰৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱত ড্ৰোণ যোগে প্ৰয়োগ কৰা হ’ব সাৰ আৰু কীটনাশক দ্ৰব্য (Fertilizers and pesticides will applied to agriculture by drones) ৷

শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে উত্তৰ-পূব অঞ্চলৰ কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক আৰু ইফকো বেয়াৰ কোম্পানীৰ (IFFCO Beyer Company) বিষয়াসকলৰ উপস্থিতিত অসমত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে এই পদ্ধতি প্ৰয়োগ কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Indian Drone Industry : ২০২৪-২৫ বৰ্ষত ড্ৰোণ উদ্যোগত বিক্ৰী ৯০০ কোটিলৈ বৃদ্ধিৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.