অসম

assam

কুঁহিপাঠৰ আৰ্হিত তৈয়াৰ বিশ্বনাথ চাৰিআলিৰ এখন পূজা মণ্ডপ

By

Published : Oct 1, 2022, 1:02 PM IST

A unique Puja Mandap in Bishwanath Chariali

ঐতিহ্যমণ্ডিত বিশ্বনাথ চাৰিআলিত দেখা গ’ল এখন ব্যতিক্ৰম ধৰ্মী পূজা মণ্ডপ (Unique Puja Mandap in Bishwanath Chariali)। বিশ্বনাথ চাৰিআলি কালিবাৰী পূজা সমিতিখনে প্ৰতিবছৰে ন ন আৰ্হিৰে পূজা মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । বিগত বৰ্ষত এই পূজা সমিতিখনে অসমৰ স্বাভিমান সম্পদ গামোছা আৰু জাপি আদিৰে পূজাৰ মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ।

বিশ্বনাথ, ১ অক্টোবৰ: আজি মহা ষষ্ঠী (Durga Puja 2022) । পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ল দুৰ্গতিনাশীনিক ৷ শাৰদীয় দুৰ্গা পূজাকলৈ এতিয়া ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশ (Durga Puja preparation in Assam) । ইফালে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৰাজ্যৰ পূজা মণ্ডপসমূহ ৷ ন ন আৰ্হিত সজাই তোলা হৈছে পূজা মণ্ডপসমূহ ৷

ইফালে এই সকলো পূজা মণ্ডপসমূহৰ ভিতৰত ঐতিহ্যমণ্ডিত বিশ্বনাথ চাৰিআলিত দেখা গ’ল এখন ব্যতিক্ৰম ধৰ্মী পূজা মণ্ডপ (Unique Puja Mandap in Bishwanath Chariali)। বিশ্বনাথ চাৰিআলি কালিবাৰী পূজা সমিতিখনে প্ৰতিবছৰে ন ন আৰ্হিৰে পূজা মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । বিগত বৰ্ষত এই পূজা সমিতিখনে অসমৰ স্বাভিমান সম্পদ গামোছা আৰু জাপি আদিৰে পূজাৰ মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ।

কুঁহি পাঠ আৰ্হিত বিশ্বনাথ চাৰিআলিৰ এখন পূজা মণ্ডপ

ইফালে এইবাৰো ব্যতিক্ৰম নহয় কালিবাৰী পূজা সমিতিখন । এইবাৰ কালিবাৰী পূজা উদযাপন সমিতিয়ে কুঁহিপাঠৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰি উলিয়াইছে ৷ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই ব্যতিক্ৰমী পূজা মণ্ডপখনে । সম্পূৰ্ণ পূজা মণ্ডপ ভাগ পূৰ্বতে আমি পঢ়ি অহা কুঁহিপাঠত থকা কবিতা, জাতীয় সংগীত আদিৰ উপস্থাপন কৰি স্মৃতি সজীৱ কৰি তুলিবলৈ চেষ্টা কৰিছে বিশ্বনাথ চাৰিআলি কালিবাৰী দুৰ্গা পূজা উদযাপন সমিতিয়ে ।

উল্লেখ্য যে, হিন্দু দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা । শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয় । চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত ।

সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ । এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় । আনহাতে পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়।

লগতে পঢ়ক:শিৱ মন্দিৰ আৰ্হিত নিৰ্মাণ যোৰহাটৰ জেপি আৰ পূজা মণ্ডপ

ABOUT THE AUTHOR

...view details