অসম

assam

Sherman Ali on Jihadi Arrest: জেহাদীৰ নামত আটক কৰা নিৰ্দোষীৰ হিচাপ লাগে শ্বেৰমান আলিক

By

Published : Jul 31, 2022, 3:57 PM IST

Sherman Ali on Jihadi Arrest
জেহাদীৰ নামত আটক কৰা নিৰ্দোষীৰ হিচাপ লাগে শ্বেৰমান আলিক ()

জেহাদীৰ নামত আটক কৰা কিমান সংখ্যকক আদলতে নিৰ্দোষী প্ৰমাণিত কৰিলে তাৰ হিচাপ উলিওৱাৰ দ্বায়িত্ব শ্বেৰমানে আলিয়ে দিলে সংবাদ মাধ্যমক(Sherman Ali on Jihadi Arrest) ৷ জেহাদীৰ প্ৰকৃত অৰ্থক বিকৃত কৰা বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে বিগত ১০ বছৰত জেহাদীয়ে সংঘটিত কৰা কৰা এটা কূটাঘাটৰ তথ্য সদৰি কৰিবলৈ দাবী জনায় ৷

বৰপেটা, ৩১ জুলাই: জেহাদী গ্ৰেপ্তাৰক লৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ জেহাদীৰ প্ৰকৃত অৰ্থক বিকৃত কৰা হৈছে বুলি মন্তব্য বিধায়কগৰাকীৰ ৷ ইছলামত জেহাদ মানে নিজৰ ষড় ৰিপুক দমন কৰাহে ৷ জেহাদী গ্ৰেপ্তাৰৰ নামত হুলস্থুল চলাই থকা বুলি মন্তব্য কৰে শ্বেৰমান আলী আহমেদে (Sherman Ali comments on Jihadi arrest) ৷

জেহাদীৰ নামত আটক কৰা নিৰ্দোষীৰ হিচাপ লাগে শ্বেৰমান আলিক

ৰাজ্যখনত বিগত সময়চোৱাত জেহাদীৰ নামত গ্ৰেপ্তাৰ হোৱা নিৰপৰাধীৰ সংখ্যা প্ৰচাৰ নোহোৱা বুলি মন্তব্য কৰে বিধায়ক শ্বেৰমান আলি আহমেদে (MLA Sherman Ali Ahmed )৷ বিগত ১০ বছৰত অসমত জেহাদী বুলি গ্ৰেপ্তাৰ হোৱা কিমানজনক আদালতে দোষমুক্ত বুলি ৰায় দিলে সেই বিষয়ে বাতৰি পৰিবেশন কৰিবলৈ সংবাদমাধ্যমক আহ্বান জনায় বিধায়ক শ্বেৰমান আলী আহমেদে ৷

২০১২ চনতো মালটা, মালফা, মুজাহিদীন থকাৰ কথা ওলাইছিল ৷ এতিয়া জেহাদী ওলাইছে ৷ উক্ত জেহাদী সংগঠনবোৰে বিগত ১০ বছৰত কৰা এটা কূটাঘাটৰ তথ্য সদৰি কৰিবলৈ দাবী বিধায়কগৰাকীৰ (Disruption by Jihadi group in Assam) ৷

অতীতৰ ঘটনাৰাজিৰ পৰা শ্বেৰমান আলী আহমেদে জেহাদী গ্ৰেপ্তাৰ কাৰ্যৰ জৰিয়তে মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰে ৷ ইপিনে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ(Satradhikar of Dakhinpat Satra Janardan Dev Goswami) মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক শ্বেৰমান আলী আহমেদে ৷ সত্ৰাধিকাৰসকল ৰাজনৈতিক নেতাৰ আঙুলিৰ ঠাঁৰত নাচিব নালাগে বুলি মন্তব্য কৰি তেও কয় যে, শংকৰ গুৰু জীয়াই থকা হ’লে এনে হ’বলৈ নিদিলেহেতেন ৷ গুৰুজনাৰ আত্মায়ো মনত শান্তি নাপাব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক:Moral policing in Lumding: নিশা লামডিঙত কোনে চলালে গুণ্ডাগিৰি ?

ABOUT THE AUTHOR

...view details