Moral policing in Lumding: নিশা লামডিঙত কোনে চলালে গুণ্ডাগিৰি ?

By

Published : Jul 31, 2022, 2:21 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

লামডিঙত উত্তপ্ত পৰিস্থিতি (Tense situation in Lamding)৷ দেওবাৰে মাজনিশা লামডিঙৰ ইটাভাটি চাৰি আলিত 40-50 জনীয়া দুৰ্বৃত্তৰ দলে ঘৰে ঘৰে শুই থকা লোকসকলক উঠাই আনে ৷ তাৰ পিছতে সেই স্থানত থকা দোকানসমূহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে উপস্থিত থকা মহিলা, পুৰুষকো বিনা কাৰণত প্ৰহাৰ কৰে (Moral policing in Lumding)৷ দুৰ্বৃত্তৰ এই আক্ৰমণত বহু যুৱক আৰু মহিলা গুৰুতৰভাৱে আহত হয় ৷ আহত এজনক সংকটজনক অৱস্থাত লামডিং সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰিছে ৷ এই ঘটনাৰ পিছতে প্ৰায় পাঁচ শতাধিক ৰাইজে লামডিং চাৰি আলিৰ মূল পথ বন্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি সোনকালে দুৰ্বৃত্তৰ দলটোক আটক কৰি কঠোৰ শাস্তি দিবলৈ দাবী কৰে উত্তপ্ত ৰাইজে ৷ ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈছে যদিও প্ৰতিবাদী ৰাইজে লামডিং আৰক্ষীৰ গাড়ীও ঘেৰাও কৰি তেওঁলোকক প্ৰৱেশত বাধা আৰোপ কৰে ৷ ইতিমধ্যে লামডিং আৰক্ষীয়ে (Lumding Police) এই ঘটনাৰ লগত জড়িত দুটা দুৰ্বৃত্তক কৰায়ত্ব কৰিছে (Two arrested in Lumding) ৷ আনকি স্থানীয় লোকক দোকনসমূহ পেট্ৰ’ল ঢালি জ্বলাই দিম বুলিও ভাবুকি দি থৈ যায় ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.