অসম

assam

কলগাছিয়াত ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী আটক

By

Published : Mar 10, 2022, 10:29 PM IST

বৃহস্পতিবাৰে কলগাছিয়াৰ আদিতপূৰত আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ (Huge amount of brown sugar seized at Kalgachia) কৰাৰ লগতে এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰা হয় ৷

huge-amount-of-brown-sugar-seized-at-kalgachia
কলগাছিয়াত ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী আটক

জনিয়া, 10 মাৰ্চ : বৰ্তমানৰ যুৱ প্ৰজন্মক কোঙা কৰি পেলোৱা ড্ৰাগছকে ধৰি বিভিন্ন নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসনে গ্ৰহণ কৰি আহিছে বিভিন্ন কঠোৰ পদক্ষেপ ৷ শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে কলগাছিয়া আৰক্ষীয় ৷

বৃহস্পতিবাৰে বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া ড৹ প্ৰদীপ শইকীয়াৰ নেতৃত্বত আৰু কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওম প্ৰকাশ তিৱাৰীৰ সহযোগত কলগাছিয়াৰ আদিতপূৰত এক অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰাৰ (Huge amount of brown sugar seized at Kalgachia) লগতে এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে (Drugs smagler arrested by Kalgachia Police) ৷ আটকাধীন লোকজন চাকিবুল হাচান বুলি জানিব পৰা গৈছে ৷

কলগাছিয়াত ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী আটক

এক গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ হোৱা AS 01 ET 5379 নম্বৰৰ এখন বাজাজৰ দুচকীয়া বাহনও জব্দ কৰে আৰক্ষীয়ে ৷ আনহাতে জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ পৰিমাণ 62.62 গ্ৰাম বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ড্ৰাগছ ব্যৱসায়ী চাকিবুল হাচানে নিজে ব্ৰাউন চুগাৰ আসক্ত বুলি নিজেই সাংবাদিকৰ কেমেৰাৰ আগত স্বীকাৰোক্তি দিয়ে ।

লগতে পঢ়ক :UP Assembly Election 2022 : উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনৰ ফলাফল

ABOUT THE AUTHOR

...view details