অসম

assam

এটা ছাগলীৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’ল ছজন

By

Published : Aug 10, 2021, 8:21 PM IST

গ্ৰামাঞ্চলত কাৰোবাৰ বাৰীত আনৰ গৰু-ছাগলী সোমোৱাটো কোনো নতুন কথা নহয় ৷ আপোনাৰ বাৰীত বাৰু কেতিয়াবা আনৰ গৰু-ছাগলী সোমাই পাইছেনে ? যদি সোমাই তেতিয়াহলে আপুনি বাৰু কি কৰে ? এনে এক কথাকে লৈ কালগাছিয়াৰ এখন গাঁৱত সংঘটিত হৈছে ভয়াৱহ ঘটনা ৷

fight-between-two-group-centered-on-a-goat-in-kalgasia
এটা ছাগলীক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

বৰপেটা,10 আগষ্ট : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলাত সোমবাৰে সন্ধিয়া এটা ছাগলীক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ এটা ছাগলীয়ে ধান খেতি অনিষ্ট কৰাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিট ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় একেটা পৰিয়ালৰ ছজনকৈ লোক ৷

প্ৰাপ্ত খবৰ মতে, অঞ্চলটোৰ ছাইদুল ইছলামৰ ছাগলীয়ে কেইবাদিন ধৰি চুবুৰীয়া জামাল উদ্দীনৰ ধান খেতি খাই অনিষ্ট কৰিছিল ৷ এই সন্দৰ্ভত জামাল উদ্দীনে চুবুৰীয়া ছাইদুল ইছলামক বহুবাৰ অভিযোগো কৰিছিল ৷ কিন্তু ইমানৰ পাছতো বিষয়টোৰ সন্দৰ্ভত কোনো গুৰুত্ব দিয়া নাছিল ছাইদুল ইছলামে ৷ যাৰ বাবে অতিষ্ঠ হৈ সোমবাৰে ছাইদুল ইছলামৰ ছাগলীটো ধৰি আনি ঘৰত বান্ধি ৰাখিছিল জামাল উদ্দীনে ৷

লগতে পঢ়কঃসময়ৰ সোঁতত বিলীন হ’ব নেকি মনোমতীৰ জন্মস্থান ?

ইয়াৰ পিচতে ছাইদুল ইছলাম ছাগলী নিবলৈ আহি জামাল উদ্দীনৰ ঘৰত উপস্থিত হৈ তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয় ৷ ঘটনাক লৈ পৰৱৰ্তী সময়ত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷

এটা ছাগলীক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

ছাইদুল ইছলামৰ নেতৃত্বত ইউচুফ আলি, আব্দুল হাই, মহিবুৰ ৰহমান, আমজাদ হুছেইন, আব্দুছ ছালাম আৰু ছলেমান আলীয়ে জামাল উদ্দীনৰ ঘৰত দলবদ্ধ আক্ৰমণ কৰে ৷ লগতে ভাঙি লণ্ড-ভণ্ড কৰে বৃদ্ধ জামাল উদ্দীনৰ ঘৰৰ আচবাব ৷ দলটোৰ নিৰ্মম প্ৰহাৰত গুৰুতৰভাৱে আহত হয় জামাল উদ্দীনসহ পৰিয়ালৰ ছজনকৈ লোক ৷

ঘটনা সংঘটিত হোৱাৰ পাছতে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত সকলক ততাতৈয়াকৈ চেনিমাৰী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় ৷ ইয়াৰে বৃদ্ধ জামাল উদ্দীনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

বৰ্তমান চিকিৎসায়ত মৃত্যুৰে যুঁজিছে বৃদ্ধ গৰাকীয়ে ৷ এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ উচিত তদন্ত কৰি দোষীক যথোপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী পৰিয়ালে ৷

লগতে পঢ়কঃবানৰ কোবাল সোঁত আৰু ১০ টকীয়া বাজি...

ABOUT THE AUTHOR

...view details