অসম

assam

সৰভোগত আয়োজিত অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিবাহক সভা

By

Published : Apr 24, 2022, 10:15 PM IST

দেওবাৰে সৰভোগত আয়োজিত কৰা হয় অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিবাহক সভাখনি (5th Full Fledged Executive Meeting of Assam Sahitya Sabha)৷ এই কাৰ্যনিৰ্বাহক সভাত অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিষয়বোৰ আলোচনা কৰাৰ লগতে সাংগঠনিক দিশতো গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ৷

সৰভোগত আয়োজিত অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিবাহক সভা
সৰভোগত আয়োজিত অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিবাহক সভা

বৰপেটাৰোড, 24 এপ্ৰিল : ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিবাহক সভা দেওবাৰে সৰভোগত আয়োজিত কৰা হয় (5th Full Fledged Executive Meeting of Assam Sahitya Sabha)। বৰনগৰ শাখা সাহিত্য সভাৰ উদ্যোগত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত এদিনীয়া কাৰ্য ক্ৰমণিকাৰে আয়োজিত হোৱা কাৰ্যনিবাহক সভাত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়াই ৷

সৰভোগত আয়োজিত অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিবাহক সভা

সভাত জাতীয় অনুষ্ঠানটোৰ সভাপতি ড৹ কুলধৰ শইকীয়াই উল্লেখ কৰা অনুসৰি, এই কাৰ্যনিৰ্বাহক সভাত অসমৰ জাতীয় জীৱনৰ লগত জড়িত কথাবোৰ আলোচনা কৰাৰ লগতে সাংগঠনিক দিশতো গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ৷ তাৰোপৰি বিভিন্ন শাখা সমিতি সমূহে বিগত ছমাহত কেনেধৰণৰ কামকাজ কৰিলে তাৰ খতিয়ান লোৱা বুলি উল্লেখ কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ৷

লগতে তেওঁ কয় যে, আগন্তুক তিনি মাহত কি কি কাম কৰিব সেই দিশতো আলোচনা কৰা হয় এই সভাত ৷

আনকি অসম সাহিত্য সভা(Assam Sahitya Sabha)ই অসমীয়া ভাষা আৰু সংস্কৃতি জনমুখী কৰাৰ বাবে জাতীয় অনুষ্ঠানটো গাৱে-ভূঞে লৈ সম্প্ৰসাৰিত কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথাও জানিবলৈ দিয়ে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ৷ গ্ৰামাঞ্চলতো যাতে অসমীয়া ভাষা শুদ্ধকৈ শিকোৱা হয় তাৰ বাবে অসম সাহিত্য সভাই গ্ৰামাঞ্চলৰ অভিভাৱক আৰু গ্ৰামাঞ্চলৰ শিক্ষক সকলকো সাক্ষাৎ কৰি অসমীয়া ভাষাৰ প্ৰসাৰতা সম্পৰ্কে পদক্ষেপ ল’ব বুলিও জানিবলৈ দিয়ে ৷

অসম সাহিত্য সভাই ন ন আৰু কিছু কাৰ্যসূচী লোৱাৰ বাবেও অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰে সভাপতি ড৹ কুলধৰ শইকীয়াই ৷ সভাত উপ-সভানেত্ৰী মৃণালিনী দেৱী সহিতে সকলো বিষয়ববীয়া, সদস্য, উপ-সমিতি সমূহৰ কাৰ্যকৰী সভাপতি আৰু আহ্বায়ককে ধৰি সকলো সদস্য উপস্থিত থাকে ৷ কাৰ্যনিৰ্বাহক সভাত প্ৰধান সম্পাদক যাদৱ শৰ্মাই প্ৰতিবেদন পাঠ কৰাৰ লগতে আঁত ধৰে ৷

লগতে পঢ়ক :ডিফুত সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহৰ সফল সামৰণি

ABOUT THE AUTHOR

...view details