ETV Bharat / entertainment

মাজত মাথোঁ এদিন, কল্কি 2898 ৰ ট্ৰেইলাৰৰ গ্ৰেণ্ড মুক্তি - Kalki 2898

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 12:06 PM IST

Kalki 2898 AD Trailer : 10 জুনত মুক্তি লাভ কৰিব নাগ অশ্বিনৰ বহু প্ৰত্যাশিত চাই-ফাই ছবি কল্কি 2898 ৷ প্ৰভাস অভিনীত ছবিখনে মুক্তিৰ পূৰ্বেই দৰ্শকৰ পৰা ব্যপক চৰ্চা লাভ কৰিছে ৷

Kalki 2898
21669873 (Etv Bharat HINDI)

চিটাৰা ডেস্ক, 9 জুন : বহু জল্পনা-কল্পনাৰ অন্তত অহা 10 জুনত মুক্তি লাভ কৰিব "কল্কি 2898" ছবিখনৰ ট্ৰেইলাৰ ৷ নাগ অশ্বিনৰ পৰিচালিত ছাই-ফাই ছবি প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন আৰু কমল হাছান অভিনীত এই বহু প্ৰত্যাশিত ছবি কল্কি 2898 এডি য়ে মুক্তিৰ পূৰ্বেই দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷

অহা 27 জুনত মুক্তি পাব ছবিখনে ৷ ইতিমধ্যে অনুৰাগীসকলে চাই-ফাই চলচ্চিত্ৰখনৰ ট্ৰেইলাৰৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । কল্কি 2898 এডিৰ এনিমেটেড প্ৰীলোড মুকলি হোৱাৰ পিচতেই অনুৰাগীসকলৰ প্ৰত্যাশা বৃদ্ধি হৈছিল ৷

ইতিমধ্য়ে ট্ৰেইলাৰ মুকলিৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ৰূপত চলি আছে বুলি জানিবলৈ পৰা গৈছে ৷ কেৱল মুম্বাইতে নহয়, ভাৰতৰ অন্যান্য প্ৰান্ততো ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ স্ক্ৰীণিং ৰখাৰ সৈতে এই মুক্তি অনুষ্ঠানটো বিশালভাৱে কৰা হ’ব বুলি আশা কৰা হৈছে ৷

ট্ৰেইলাৰ মুক্তিৰ পূৰ্বে নিৰ্মাতাসকলে কাউন্টডাউনৰ বাবে ছবিখনৰ আকৰ্ষণীয় পোষ্টাৰ মুকলি কৰিছে । এই ছবিখনত অমিতাভ বচ্চনক অশ্বত্থামা চৰিত্ৰত দেখুওৱা হৈছে ৷ এখন শেহতীয়া পোষ্টাৰত অভিনেতাজনক যুদ্ধৰ বাবে সাজু হোৱা স্থিতিত দেখুওৱা হৈছে ৷ তেওঁৰ চাৰিওফালে আঘাতপ্ৰাপ্ত সৈনিক আৰু পৃষ্ঠভূমিত এটা ৰহস্যময় বাহন আছে ।

ছবিখনৰ নিৰ্মাতাসকলে অমিতাভ বচ্চনৰ অশ্বত্থামা চৰিত্ৰৰ এটা টীজাৰ প্ৰচাৰ কৰাৰ পিচতেই সামাজিক মাধ্যমত ছবিখনে ব্যাপক চৰ্চা লাভ কৰিছিল ৷ সকলোৱে অমিতাভ বচ্চনৰ অশ্বত্থামা ভূমিকাক প্ৰশংসা কৰাৰ লগতে ছবিখন অতি সোনকালে মুক্তি দিবলৈ অনুৰোধ কৰিছিল ৷

আন্তৰ্জাতিক চলচ্চিত্ৰ জগতটো কল্কি 2898 এডিয়ে এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰত এই ছবিখনে আকৰ্ষণীয় প্ৰাক-বিক্ৰী পৰিসংখ্যা নিৰূপণ কৰিছে । অহা 26 জুনত ছবিখনৰ প্ৰিমিয়াৰ শ্ব‘ দেখুওৱা হ’ব ৷ ছবিখনে 6 জুনলৈকে 246 টা স্থানত 1,000 ৰো অধিক দৰ্শনীৰ বাবে $300 হাজাৰ উপাৰ্জন কৰিছিল ৷

এক প্ৰতিবেদন অনুসৰি ছবিখন নিৰ্মাণ কৰিবলৈ বাজেট 600 কোটি টকাতকৈ অধিক নিৰ্ধাৰিত কৰা হৈছে ৷ এইখন এতিয়ালৈকে ভাৰতীয় চলচ্চিত্ৰৰ ভতৰত সবাটোকৈ অধিক ব্যয়বহুল ছবি । অচৱানী দত্তৰ বৈজয়ন্তী চলচ্চিত্ৰৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখনলৈ সকলোৱে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷

লগতে পঢ়ক:অশ্বত্থামাৰ পিচতেই আহি আছে ভৈৰৱ - Kalki 2898

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.