অসম

assam

কলগাছিয়াত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

By

Published : Dec 8, 2020, 9:02 AM IST

কলগাছিয়াত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । কলগাছিয়াতো চিপিআইএম, কৃষক সভা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন শ্ৰমিক-কৃষক সংগঠনে ৰাজপথত টায়াৰ জ্বলাই ভাৰত বন্ধ পালন কৰে ।

ৰাজপথত টায়াৰ জ্বলাই বন্ধ পালন
কলগাছিয়াত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

জনীয়া, 8 ডিচেম্বৰ : কলগাছিয়াত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত কৃষক বিৰোধী কৃষি আইন আৰু বিদ্যুৎ বিল বাতিলৰ দাবীত দেশব্যাপী ভাৰত বন্ধৰ আহ্বান জনাইছিল কৃষক সংগঠনসমূহে ।

কলগাছিয়াত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

আজি কলগাছিয়াতো চিপিআইএম, কৃষক সভা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন শ্ৰমিক-কৃষক সংগঠনে ৰাজপথত টায়াৰ জ্বলাই ভাৰত বন্ধ পালন কৰে । পুৱা 5 বজাৰ পৰা কলগাছিয়া, খৰিচালা, বালাগাঁও, লাংলা, তিতাপানী, বনঘূগী, জনীয়া আদি অঞ্চলত সমগ্ৰ দোকান-পোহাৰ, গাড়ী মটৰ বন্ধ ৰাখি সতঃস্ফূৰ্তভাৱে ৰাইজে বন্ধ পালন কৰা পৰিলক্ষিত হৈছে ।

কলগাছিয়াত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

লগতে পঢ়ক :ভাৰত বন্ধ LIVE : শান্তি বৰ্তাই ৰাখিবৰ বাবে ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details