ETV Bharat / bharat

ভাৰত বন্ধ LIVE : শান্তি বৰ্তাই ৰাখিবৰ বাবে ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা

author img

By

Published : Dec 8, 2020, 8:07 AM IST

আজি দেশৰ কৃষকসকলে আহ্বান জনাইছে ভাৰত বন্ধৰ ৷ সেই অনুসৰি, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত শান্তি-শৃংখলা বৰ্তাই ৰাখিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

শান্তি বৰ্তাই ৰাখিবৰ বাবে ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা
ভাৰত বন্ধ

নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ : মঙলবাৰে দেশজুৰি কৃষি আইনৰ বিৰোধিতাৰে কৃষক সংগঠনে আহ্বান জনাইছে 'ভাৰত বন্ধ'ৰ ৷ এই বন্ধক বিৰোধী দলসমূহে সমৰ্থন জনোৱাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ লগতে সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷

ভাৰতীয় কৃষাণ ইউনিয়নে (BKU) সোমবাৰে কয় যে, 8 ডিচেম্বৰৰ ভাৰত বন্ধ পুৱা 11 বজাৰ পৰা আৰম্ভ হ'ব আৰু বিয়লি 3 বজাত অন্ত পৰিব, কিয়নো তেওঁলোকে সাধাৰণ জনসাধাৰণক অসুবিধাজনক পৰিস্থিতিত পেলাব বিচৰা নাই ৷

BKU ৰ মুখপাত্ৰ ৰাকেশ তিকেইট কয়, "ভাৰত বন্ধ পুৱা 11 বজাত আৰম্ভ হ'ব আৰু বিয়লি 3 বজাত অন্ত পৰিব ৷"

বন্ধৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান বন্ধ নহয় আৰু কাৰ্যালয়লৈ যোৱাসকলে বিনা বাধাৰে ভ্ৰমণ কৰিব পাৰিব ৷

লগতে পঢ়ক : 'লাভ জেহাদ'ৰ বিৰুদ্ধে কৰ্ণাটকত আইন প্ৰণয়নৰ পৰিকল্পনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.