দিল্লীলৈ ওভতাৰ পূৰ্বে গুৱাহাটীত পাঁচটাকৈ নতুন আধাৰশিলা অমিত শ্বাহৰ
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে সামৰণি পৰিল হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ অনুষ্ঠান ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৫ টাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে এই অনুষ্ঠানত (Amit Shah lays foundation stone of five development project) ৷ সামৰণি অনুষ্ঠানত ডাঙি ধৰা হ’ল ৰাজ্য চৰকাৰৰ এবছৰীয়া কাম-কাজৰ খতিয়ান ৷
অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰাৰ পাছতে মৰাণত আনন্দৰ জোৱাৰ
"আজিৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব"- এই মন্তব্য মৰাণৰ আৰক্ষীৰ চক্ৰ পৰিদৰ্শকৰ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে মঙলবাৰে অসম আৰক্ষীক প্ৰদান কৰে ৰাষ্ট্ৰপতিৰ নিচান(President's Colour Award to Assam police) শীৰ্ষক সন্মান ৷ এই সন্মান লাভৰ পিছতে মৰাণৰ আৰক্ষীসকলৰ মাজত দেখা যায় আনন্দ-উল্লাস ৷
হিমন্ত চৰকাৰৰ বৰ্ষপুৰ্তিৰ বিশাল ৰাজহুৱা সভাত ভাগ ল’লে অমিত শ্বাহে
আজি ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ এবছৰ পূৰ্ণ হ’ল ৷ মঙলবাৰে চৰকাৰখনৰ বৰ্ষপুৰ্তিৰ বাবে এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় । এই ৰাজহুৱা সভাত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union home minister Amit Shah) ৷
দিল্লীৰ ওচৰত আঁঠু লৈ জীয়াই আছে অসম চৰকাৰ : লুৰীণজ্যোতি গগৈ
এইখন চৰকাৰ দিল্লীৰ ওচৰত আঠু লৈ জীয়াই আছে । চৰকাৰখনৰ বৰ্ষপূৰ্তি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে চৰকাৰৰ কামকাজক লৈ এইদৰে অসন্তুষ্টি প্ৰকাশ কৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ গগৈৰ অভিযোগ, চৰকাৰখনে বিদ্যালয়ৰ পৰা মাতৃভাষা নোহোৱা কৰাৰ বাবে কৌশলপূৰ্ণ ষড়যন্ত্রত লিপ্ত হৈছে ।
চামগুৰিত ফুটগধূলিতে ডকাইতৰ গুলীত আহত গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী
নগাঁৱৰ চামগুৰিত ডকাইতিৰ চেষ্টা । দুৰ্বৃত্তৰ গুলীত আহত স্থানীয় এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী (Firing in Samaguri)। মুমূৰ্ষ অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি ।