অসম

assam

61st session of Bodo Sahitya Sabha : হালধীয়াত বিলীন বড়ো সাহিত্য সভাৰ অধিৱেশন থলী

By

Published : May 3, 2022, 1:49 PM IST

Updated : May 3, 2022, 5:11 PM IST

হালধীয়াত বিলীন হৈ পৰিছে বড়ো সাহিত্য সভাৰ অধিৱেশন থলী ৷ পতাকা উত্তোলনেৰে আৰম্ভ হয় এই অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়া, আৰক্ষী বিষয়া তথা বিশিষ্ট লেখক পাৰ্থ সাৰথি মহন্তৰ লগতে ত্ৰিপুৰা আৰু নেপালৰ পৰা অহা প্ৰতিনিধি আৰু কেইবাগৰাকীও অতিথি ৷

61st session of Bodo Sahitya Sabha
হালধীয়াত বিলীন বড়ো সাহিত্য সভাৰ অধিৱেশন থলী

বাক্সা, 3 এপ্ৰিল : তামুলপুৰত আৰম্ভ আছে 61 সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন (61st session of Bodo Sahitya Sabha at Tamulpur) ৷ বড়ো সাহিত্য সভা অধিৱেশনৰ আজি দ্বিতীয়টো দিন ৷ হালধীয়াত বিলীন হৈ পৰিছে তামুলপুৰৰ গৌজন পথাৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিৰে ভৰি পৰিছে অধিৱেশনথলী ৷

হালধীয়াত বিলীন বড়ো সাহিত্য সভাৰ অধিৱেশন থলী

দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰা হয় ৷ পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে ৷ পতাকা উত্তোলন কৰি তৰেণ বড়োৱে ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ৷ পতাকা উত্তোলনৰ সময়ত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ ইয়াৰ পিচতে শ্বহীদ তৰ্পণ কৰা হয় ৷

তামুলপুৰত অনুষ্ঠিত হৈ আছে 61 সংখ্যক বড়ো সাহিত্য সভা অধিৱেশন

লগতে পঢ়ক :বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন থলীত মুখ্যমন্ত্ৰী

আনহাতে, বড়ো সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনাৰ এই কাৰ্যসূচীত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়া, আৰক্ষী বিষয়া তথা বিশিষ্ট লেখক পাৰ্থ সাৰথি মহন্তৰ লগতে ত্ৰিপুৰা আৰু নেপালৰ পৰা প্ৰতিনিধি তথা কেইবাগৰাকীও অতিথি ৷ এক উখল-মাখল পৰিৱেশৰ মাজতে অনুষ্ঠিত হোৱা এই অধিৱেশনৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৱে ৷

বড়ো সাহিত্য সভাৰ অধিৱেশনথলী উপস্থিত ড৹ কুলধৰ শইকীয়া

দ্বিতীয় দিনাৰ কাৰ্যসূচীস্বৰূপে এই অধিৱেশনত অনুষ্ঠিত হ’ব বঁটা বিতৰণী সভা, স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে এক আলোচনা চক্ৰ ৷ বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়ো আৰু এৱছুৰ সভাপতি দ্বীপেন বড়োৱে তামুলপুৰৰ এই অধিৱেশন মাইলৰ খুঁটিত পৰিণত হ’ব বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, সোমবাৰৰ পৰা তামুলপুৰত আৰম্ভ হোৱা বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিৱেশন (Bodo Sahitya Sabha at Tamulpur)ৰ শেষৰ দিনা মুকলি সভাত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপস্থিত থাকিব (President Ram Nath Kovind to attend Bodo Sahitya Sabha) ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে ৷

লগতে পঢ়ক :গৌজন পথাৰত আৰম্ভ হ’ল ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ অধিবেশন

Last Updated :May 3, 2022, 5:11 PM IST

ABOUT THE AUTHOR

...view details