অসম

assam

তামুলপুৰত শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ প্ৰক্ৰিয়া

By

Published : Apr 24, 2019, 12:47 AM IST

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ হিলদল ভাঙি ওলাই আহিল তামুলপুৰৰ জনতা ৷ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সপৰিয়ালে সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷

তামুলপুৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন

বাক্সা, 23 এপ্ৰিল : তামুলপুৰত শান্তিপূৰ্ণভাৱে সমাপ্ত হয় তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ হিলদল ভাঙি ওলাই আহিল তামুলপুৰৰ জনতা ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰৰ নাওকটা,শুৱাগপুৰ, বাঙালী পাৰা,দেওচুঙা,নাগ্ৰিজুলী ,গান্ধিবাৰীতো ভোটাৰসকলে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ । ইপিনে বি টি এ ডি ৰ ৰাজনীতিৰ অন্যতম কাণ্ডাৰী ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে 5নং শুৱাগপুৰ প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত সপৰিয়ালে সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷

তামুলপুৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন

ভোটাধিকাৰ সাব্যস্ত কৰিয়েই কোকোৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ জয়ৰ বাবে বাথৌ মন্দিৰত পূজা অৰ্চনা কৰে । আনহাতে বি টি এ ডি ৰ কাৰ্য্যবাহী সদস্য গণেশ কছাৰীৰয়ে শুৱাগপুৰ ঔবাৰী প্ৰথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে ভোটাধিকাৰ ।

ABOUT THE AUTHOR

...view details