অসম

assam

Asian Boxing Championships 2022: শিৱ থাপা আৰু লাভলীনাৰ জয় যাত্ৰা অব্যাহত

By

Published : Nov 11, 2022, 12:16 PM IST

Asian Boxing Championships 2022
শিৱ থাপা আৰু লাভলীনাৰ জয় যাত্ৰা অব্যাহত

৬ বাৰৰ এছিয়ান মেডেলিষ্ট অসমৰ শিৱ থাপা আৰু অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাই ফাইনেলত প্ৰৱেশ কৰিছে (Shiva and Lovlina in Asian Boxing Championship)। শুকুৰবাৰে মহিলা শাখাৰ ফাইনেল আৰু শনিবাৰে পুৰুষ শাখাৰ ফাইনেল অনুষ্ঠিত হ'ব । লাভলীনাসহ ৫ গৰাকী ভাৰতীয় মহিলা বক্সাৰ ফাইনেলত অৱতীৰ্ণ হ'ব ।

স্পৰ্টছ ডেস্ক,১১ নৱেম্বৰ :এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পুনৰ উত্তৰ-পূৱৰ খেলুৱৈৰ দপদপনি । জৰ্ডানৰ আম্মানত অনুষ্ঠিত ২০২২চনৰ এএছবিচি এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে ৬ বাৰৰ এছিয়ান মেডেলিষ্ট অসমৰ শিৱ থাপা আৰু অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাই (Assam boxer in Asian Boxing Championship)। শুকুৰবাৰে মহিলা শাখাৰ ফাইনেল আৰু শনিবাৰে পুৰুষ শাখাৰ ফাইনেল অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে শিৱ থাপাই নিজৰ ফৰ্ম অব্যাহত ৰাখিবলৈ সক্ষম হৈছে । বৃহস্পতিবাৰে জৰ্ডানৰ আম্মানত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৬৩.৫ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত ২০১৯ চনৰ এছিয়ান চেম্পিয়ন তাজিকিস্তানৰ বখোদুৰ উচমানভক পৰাস্ত কৰি ফাইনেলত অৱতীৰ্ণ হয় । খেলৰ আৰম্ভণিৰে পৰা দুয়োগৰাকী বক্সাৰৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা গৈছিল । অৱশ্যে নিজৰ অভিজ্ঞতা আৰু কৌশল ব্যৱহাৰ কৰি শিৱ থাপাই ৪:১ পইণ্টত জয়লাভ কৰিবলৈ সক্ষম হয় ।

শিৱই ২০২১ চনৰ এছিয়ান চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলতো বখোদুৰক পৰাস্ত কৰিছিল । বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ (BFI) এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি শনিবাৰে ফাইনেলত তেওঁ উজবেকিস্তানৰ আব্দুল্লায়েভ ৰুছলানৰ মুখামুখি হ'ব (Shiva Thapa in Asian Boxing Championships final)। ২০২২ চনৰ থাইলেণ্ড অপেন চেম্পিয়ন যুটি সুমিত আৰু গোবিন্দ কুমাৰ সাহানী দুয়োগৰাকীয়ে ছেমি ফাইনেল বাউটত পৰাজয়ৰ সন্মুখীন হয় আৰু ব্ৰঞ্জৰ পদক লাভ কৰে ।

ভাৰতীয় বক্সাৰ গোবিন্দই ৪৮ কিলোগ্ৰাম শাখাত কাজাখস্তানৰ চানঝাৰ তাচকেনবেৰ মুখামুখি হৈছিল । প্ৰথম অৱস্থাত ভাল খেলিলেও কাজাখস্তানৰ ২০২১ চনৰ যুৱ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ীগৰাকীয়ে পৰৱৰ্তী দুটা ৰাউণ্ডত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয় ০:৪ ৰ ব্যৱধানত ভাৰতীয় বক্সাৰগৰাকীয়ে পৰাজয় স্বীকাৰ কৰে (Indian boxer in Asian Boxing Championship)।

উজবেকিস্তানৰ এছিয়ান চেম্পিয়ন জাফাৰোভ চৈদজামছিদৰ বিৰুদ্ধে ভাৰতীয় বক্সাৰ সুমিত ৭৫ কিলোগ্ৰাম শাখাত মুখামুখি হয় যদিও ০:৫ ৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় । ৯২ প্লাছ কিলোগ্ৰাম ছেমি ফাইনেলৰ যুঁজত নৰেন্দ্ৰই উজবেকিস্তানৰ মুলোজোনভ লাজিজবেকৰ বিৰুদ্ধে ০:৫ৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় আৰু ব্ৰঞ্জৰ পদক নিজৰ হাতত ৰাখিবলৈ সক্ষম হয় ।ইফালে সোঁ চকুত আঘাত পোৱা মহম্মদ হুচামুদ্দিনে ৫৭ কিলোগ্ৰাম শাখাত ৰিঙত অৱতীৰ্ণ হ'ব নোৱাৰিলে আৰু ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ।

ইফালে ২০২০ টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোঁহাইয়ে ৭৫ কিলোগ্ৰাম শাখাত (Lovlina in Asian Boxing Championships final), ২০২২ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী পাৰবীনে ৬৩ কিলোগ্ৰাম শাখাত ফাইনেল খেলিবলৈ সাজু হৈছে । দুয়োগৰাকীৰ উপৰিও আন ৩ গৰাকী মহিলা ভাৰতীয় বক্সাৰো ফাইনেল খেললৈ উন্নীত হৈছে ।

ফাইনেলত প্ৰতিদ্বন্দিতা কৰিবলগীয়া আন ভাৰতীয় মহিলা বক্সাৰসকল হৈছে আলফিয়া পাঠান (৮১+কিলোগ্ৰাম), স্বাতী (৮১ কিলোগ্ৰাম) আৰু মিনাক্ষী (৫২ কিলোগ্ৰাম)। বুধবাৰে নিশা দ্বিতীয় ৰাউণ্ডত স্থানীয় লীনা জাবেৰক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰা স্বাতীয়ে ফাইনেলত কাজাখস্তানৰ গুলছায়া য়েৰঝানৰ মুখামুখি হ'ব । উল্লেখ্য যে প্ৰতিযোগিতাখনত ২৭ খন দেশৰ ২৬৭ গৰাকী বক্সাৰে অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক :Dhoni Playing Tennis : এইবাৰ টেনিছ খেলপথাৰত ধোনী

ABOUT THE AUTHOR

...view details