ETV Bharat / sports

Dhoni Playing Tennis : এইবাৰ টেনিছ খেলপথাৰত ধোনী

author img

By

Published : Nov 9, 2022, 3:55 PM IST

Dhoni
এইবাৰ টেনিছ খেলপথাৰত ধোনী

ৰাঁচীৰ জেএছচিএৰ কাণ্ট্ৰী ক্ৰিকেট ক্লাবত অনুষ্ঠিত এক টেনিছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে (MS Dhoni Playing Tennis Tournament)। প্ৰথমখন খেলত জয়ী হৈছে মহেন্দ্ৰ সিং ধোনী আৰু তেওঁৰ সহযোগী সুমিত । বিগত বছৰো ধোনীয়ে প্ৰতিযোগিতাখনৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

স্পৰ্টছ ডেস্ক,৯ নৱেম্বৰ : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিশ্ব ক্ৰিকেটৰ অন্যতম সফল খেলুৱৈ মহেন্দ্ৰ সিং ধোনীক এনেই অলৰাউণ্ডাৰ বুলি কোৱা নহয় । ক্ৰিকেট জগতত ইতিহাস ৰচনা কৰাৰ পাছত এইবাৰ লন টেনিছ খেলপথাৰত নিজৰ প্ৰতিভা দেখুৱাইছে খেলুৱৈগৰাকীয়ে । ৰাঁচীৰ জেএছচিএৰ কাণ্ট্ৰী ক্ৰিকেট ক্লাবত অনুষ্ঠিত এক টেনিছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে (MS Dhoni Playing Tennis Tournament)।

ইতিমধ্যে প্ৰথমখন খেলত জয়ী হৈছে মহেন্দ্ৰ সিং ধোনী আৰু তেওঁৰ সহযোগী সুমিত (MS Dhoni Competing Tennis Tournament)। মঙলবাৰে ডাবলছৰ খেলখনত সুমিত বাজাজৰ সৈতে ধোনীয়ে ড০ গোবিন্দ ঝা আৰু হিমাংশুৰ যুটিক পোনপটীয়া ছেটত পৰাস্ত কৰে । ইফালে বুধবাৰে সন্ধিয়া হ'ব দ্বিতীয় ৰাউণ্ডৰ খেল । বিগত বছৰো ধোনীয়ে কাণ্ট্ৰী ক্ৰিকেট ক্লাবৰ টেনিছ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল আৰু সুমিত বাজাজৰ সৈতে প্ৰতিযোগিতাখনৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

ইফালে প্ৰতিযোগিতাখনত ধোনীয়ে অংশগ্ৰহণ কৰাৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ অনুৰাগীয়ে ভিৰ কৰে জেএছচিএ ষ্টেডিয়াম । টেনিছৰ সমান্তৰালকৈ ক্ৰিকেটৰ দৰ্শকেও ধোনীৰ খেল চাবলৈ ষ্টেডিয়ামত উপস্থিত হয় । কেৱল এয়াই নহয় অনুৰাগীৰ মাজত চেলফি লোৱাৰ প্ৰতিযোগিতাও দেখা গৈছে ।

ইফালে সৰ্বাংগীন প্ৰতিভাৰ বাবে ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে যদিও আজিও তেওঁ অনুৰাগীক আমোদ দিবলৈ সক্ষম হৈছে । এই বছৰৰ জুলাই মাহত, তেওঁ আঁঠুৰ বিষৰ বাবে ৰাঁচীৰ লাপুঙত বৈদিক চিকিৎসা কৰাৰ বাবে বৈদ্য বন্ধনলৈ গৈ সকলোকে আচৰিত কৰিছিল ।

ইয়াৰোপৰি ইনষ্টাগ্ৰামত, তেওঁৰ পত্নী সাক্ষী ধোনীয়ে প্ৰায়ে তেওঁৰ ফটো শ্বেয়াৰ কৰে, য'ত তেওঁক কেতিয়াবা কুকুৰৰ সৈতে খেলি থকা দেখা যায়, কেতিয়াবা তেওঁৰ ফাৰ্মহাউচত খেতি কৰা দেখা যায় ।

লগতে পঢ়ক :ICC player of month: বিৰাট কোহলীলৈ আইচিচিৰ প্লেয়াৰ অৱ দ্য মান্থ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.