ICC player of month: বিৰাট কোহলীলৈ আইচিচিৰ প্লেয়াৰ অৱ দ্য মান্থ সন্মান

author img

By

Published : Nov 7, 2022, 10:50 PM IST

ICC player of month

অষ্ট্ৰেলিয়াত অনুষ্ঠিত টি-২০ বিশ্বকাপত (ICC T20 World Cup) ভাৰতৰ হৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল বিৰাট কোহলীয়ে ৷ যাৰ বাবে বিৰাট কোহলীলৈ আইচিচিৰ প্লেয়াৰ অৱ দ্য মান্থ সন্মান আগবঢ়োৱা গৈছে ৷ দক্ষিণ আফ্ৰিকাৰ ডেভিড মিলাৰ আৰু জিম্বাবোৱেৰ চিকান্দাৰ ৰাজাক চেৰ পেলাই এই খিতাপ দখল কোহলীৰ ৷

স্পৰ্টছ ডেস্ক, 7 নৱেম্বৰ: ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীক অষ্ট্ৰেলিয়াত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ চুপাৰ-১২ পৰ্যায়ত দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ প্লেয়াৰ অৱ দা মান্থ সন্মানৰ(ICC) বাবে মনোনীত কৰা হয়(Kohli named ICC player of month for October) । পাকিস্তানৰ অভিজ্ঞ মহিলা অলৰাউণ্ডাৰ নিদা দাৰে পুৰস্কাৰৰ দৌৰত ভাৰতৰ জেমিমা ৰড্ৰিগছ আৰু দীপ্তি শৰ্মাক চেৰ পেলাইছিল । এছিয়া কাপত ভাৰতৰ খিতাপ জয়ৰ সময়ত দুয়োৱে আকৰ্ষণীয় প্ৰদৰ্শন কৰিছিল ।

সংবাদ মাধ্যমৰ প্ৰতিনিধি, আইচিচি হল অফ ফেমাৰ্ছ, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আৰু পঞ্জীভুক্ত অনুৰাগীসকলৰ মাজত বিশ্বব্যাপী ভোটদানৰ পিছত কোহলী আৰু নিদাক বিজয়ী ঘোষণা কৰা হৈছে (ICC player of month) । কোহলীয়ে অক্টোবৰত ২০৫ ৰাণ সংগ্ৰহ কৰি প্ৰথমবাৰৰ বাবে আইচিচিৰ অৱ দ্য মান্থ (পুৰুষ) সন্মান লাভ কৰিছে । টি-২০ বিশ্বকাপৰ উদ্বোধনী খেলখনত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ৩১ ৰাণত চাৰিটা উইকেট হেৰুওৱাৰ পিছত, কোহলীয়ে আক্ৰমণাত্ম প্ৰদৰ্শনেৰে বলাৰসকলক ধৰাশায়ী কৰে ৷ ৫৩ টা বলত অপৰাজিতভাৱে ৮২ ৰাণ সংগ্ৰহ কৰি কোহলীয়ে ভাৰতক বিজয়ী হোৱাত সহায় কৰে ।

কোহলীক প্ৰথমবাৰৰ বাবে এই সন্মানৰ বাবে মনোনীত কৰা হৈছে(ICC player of month for October) । তেওঁ দক্ষিণ আফ্ৰিকাৰ ডেভিড মিলাৰ আৰু জিম্বাবোৱেৰ চিকান্দাৰ ৰাজাক চেৰ পেলাই এই খিতাপ দখল কৰে । তেওঁলোক দুয়োজনে টি-২০ বিশ্বকাপত দলৰ হৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল । কোহলীয়ে আই চি চিৰ প্ৰেছ বিবৃতিত কয়, "অক্টোবৰ মাহৰ আইচিচি পুৰুষ খেলুৱৈ হিচাপে মনোনীত হোৱাটো মোৰ বাবে এক ডাঙৰ সন্মান । বিশ্বজুৰি অনুৰাগী আৰু পেনেলৰ দ্বাৰা বাছনি কৰাটোৱে এই বঁটাটো মোৰ বাবে অধিক বিশেষ কৰি তোলে’’ ।

কোহলীয়ে আৰু কয়, "মই আন মনোনীত খেলুৱৈসকলকো অভিনন্দন জনাব বিচাৰো যিসকলে এই সময়ছোৱাত ইমান ভাল প্ৰদৰ্শন কৰিছে । মই মোৰ সতীৰ্থসকলকো অভিনন্দন জনাইছো যিয়ে মোক সমৰ্থন কৰি আহিছিল যাতে মই মোৰ সামৰ্থ অনুসৰণ প্ৰদৰ্শন দেখুৱাব পাৰো’’ ।

বাংলাদেশত অনুষ্ঠিত এছিয়া কাপত পাকিস্তানৰ ছেমি ফাইনেল ৰাণৰ সময়ত সুন্দৰ প্ৰদৰ্শনৰ বাবে পাকিস্তানৰ মহিলা অল ৰাউণ্ডাৰ নিদাক আইচিচি প্লেয়াৰ অফ দা মান্থ হিচাপে মনোনীত কৰা হয় ৷ তেওঁ অক্টোবৰত ৭২.৫০ গড়ে ১৪৫ ৰাণ সংগ্ৰহ কৰে আৰু আঠটা উইকেট দখল কৰে ।

চিলেটত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ ঐতিহাসিক জয়তো নিদাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । যেতিয়া অলৰাউণ্ডাৰগৰাকীয়ে বেটিং কৰিবলৈ ওলাই আহিছিল, পাকিস্তানে 33 ৰাণত তিনিটা উইকেট হেৰুৱাই সমস্যাত পৰিছিল । তেওঁৰ অপৰাজিত ৫৬ ৰাণে পাকিস্তানক ১৩৭ ৰাণ কৰাত সহায় কৰিছিল । নিদাই তেতিয়া হৰমনপ্ৰীত কৌৰ আৰু জেমিমা ৰড্ৰিগছৰ উইকেট দখল কৰিছিল যাৰবাবে ভাৰত খেলখনত পৰাস্ত হৈছিল । অৱশ্যে ভাৰতে পিছত খিতাপ জয় কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ICC T20 WC: দক্ষিণ আফ্ৰিকাৰ পৰাজয়ে ছেমিফাইনেলৰ পথ প্ৰশস্ত কৰিলে ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.