অসম

assam

Cricket World Cup 2023 : আইচিচি এদিনীয়া বিশ্বকাপৰ প্ৰথম মেচ; বিগত বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ মধুৰ পোতক নিউজীলেণ্ডৰ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 4:34 PM IST

Updated : Oct 5, 2023, 10:30 PM IST

আইচিচি এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন মেচত নিউজীলেণ্ডে ইংলেণ্ডক ৯ উইকেটত পৰাস্ত কৰে । এই মেচখনত পৰাজয়ৰ জৰিয়তে নিউজীলেণ্ডে বিগত বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ মধুৰ পোতক তোলে ইংলেণ্ডৰ বিৰুদ্ধে ।

Cricket World Cup 2023
Cricket World Cup 2023

স্পৰ্টছ ডেস্ক, ৫ অক্টোবৰ :আইচিচি এদিনীয়া বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ প্ৰথমখন মেচত ইংলেণ্ডক ৯ উইকেটত পৰাস্ত কৰি নিউজীলেণ্ডে দুৰ্দান্ত আৰম্ভণি কৰিছে । ইংলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অ'ভাৰত ৯ উইকেটৰ বিনিময়ত ২৮২ ৰাণ সংগ্ৰহ কৰে । ইংলেণ্ডৰ হৈ সৰ্বাধিক ৭৭ ৰাণ সংগ্ৰহ কৰে জো ৰুটে । আনহাতে, জছ বাটলাৰে ৪৩ আৰু জনী বেয়াৰষ্টোৱে ৩৩ ৰাণৰ বৰঙণি আগবঢ়ায় । ইফালে নিউজীলেণ্ডৰ হৈ মেচখনত সফল বলাৰ হিচাপে পৰিগণিত হয় মেট হেনৰী । তেওঁ নিৰ্ধাৰিত ১০ অ'ভাৰত ৪৮ ৰাণৰ ব্যৱধানত ৩টা উইকেট দখল কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত বেট হাতত লৈ কিৱি বাহিনীয়ে যোৱাবাৰ বিশ্বকাপত পৰাজয়ৰ মধুৰ পোতক তোলে কিৱি বাহিনীয়ে । ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী মেচত নিউজীলেণ্ডে ইংলেণ্ডক হেলাৰঙে পৰাস্ত কৰে । নিউজীলেণ্ডৰ বেটছমেনৰ সন্মুখত ইংলেণ্ডৰ বলাৰসকলক অসহায় ৰূপত দেখা যায় । নিউজীলেণ্ডৰ ডেভন কনৱে (১২১ বলত অপৰাজিত ১৫১ ৰাণ) আৰু ৰচিন ৰবীন্দ্ৰৰ (৯৬ বলত অপৰাজিত ১২৩ ৰাণ) দুৰ্দান্ত বেটিঙৰ সন্মুখত বশ্যতা স্বীকাৰ কৰে বৰ্তমানৰ চেম্পিয়ন দলটোৱে ।

উল্লেখ্য যে প্ৰতীক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে আৰম্ভ হয় এদিনীয়া বিশ্বকাপৰ প্ৰতিযোগিতা । বিশ্ব ক্ৰিকেটৰ এদিনীয়া সংস্কৰণৰ এই মহাৰণ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত । আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ প্ৰথমখন মেচত অৱতীৰ্ণ হৈছে বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ড আৰু যোৱাবাৰৰ উপ-বিজেতা নিউজীলেণ্ড ।

এক কথাত ক'বলৈ গ'লে ২০১৯ৰ বিশ্বকাপ ফাইনেলৰ যেন পুনৰাবৃত্তি । উল্লেখ্য যে ২০১৯ চনৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত ৰয়েল ইংৰাজৰ মুখামুখী হৈছিল কিৱি বাহিনী । অতি উত্তেজনাপূৰ্ণ আৰু ৰোমাঞ্চকৰ মেচখনত কিৱি বাহিনীক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ দাঙি ধিছিল ক্ৰিকেটৰ জন্মদাতা দেশ ইংলেণ্ডে । অৱশ্যে উক্ত মেচখনত বিজয়ী দল ঘোষণাৰ সিদ্ধান্তক আজিও বিতৰ্কিত বুলি উল্লেখ কৰে বহু ক্ৰিকেট সমালোচকে ।

সেয়ে এইবাৰ বিশ্বকাপত বিগত বিশ্বকাপৰ পৰাজয়ৰ মধুৰ পোতক তুলিবলৈ উদগ্ৰীৱ হৈ আছে কিৱি বাহিনী । উল্লেখ্য যে ২০১৯ৰ বিশ্বকাপত ইয়ন মৰ্গানে ইংলেণ্ড দলক নেতৃত্ব প্ৰদান কৰিছিল । আনহাতে, এইবাৰৰ বিশ্বকাপত বৰ্তমানৰ আইপিএল তাৰকা জছ বাটলাৰে ইংলেণ্ড দলক নেতৃত্ব দি আছে ।

এইবাৰ নিউজীলেণ্ড দলৰ নেতৃত্বৰ গধুৰ দায়িত্ব আছে কেন উইলিয়ামছনৰ কান্ধত । অৱশ্যে নিউজীলেণ্ডে উদ্বোধনী মেচখনত নিয়মীয়া অধিনায়ক কেন উইলিয়ামছনৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিব । কিয়নো তেওঁ এতিয়াও আঘাতৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হোৱা নাই আৰু সেয়ে প্ৰথমখন মেচত তেওঁ মূল একাদশত নাই ।

উইলিয়ামছনৰ অনুপস্থিতিত টম লাথামে 'ব্লেক কেপছ'ৰ নেতৃত্ব দি আছে । ইতিমধ্যে ভাৰতীয় সময়মতে দিনৰ ২ বজাৰ পৰা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হৈছে ২০২৩ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন মেচ । টছত জয়ী হৈ নিউজীলেণ্ডৰ অধিনায়ক টম লাথামে ইংলেণ্ডক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছে । এই মেচখনত মুখ্যত ইংলেণ্ডৰ আক্ৰমণাত্মক বেটিং আৰু নিউজীলেণ্ডৰ তাৰকা খচিত বেটিঙৰ মাজত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ আশা কৰা হৈছে ।

আনহাতে, হেৰী ব্ৰুক (নিউজীলেণ্ড), বেন ষ্ট'কছ (ইংলেণ্ড), জো ৰুট (ইংলেণ্ড) আৰু জছ বাটলাৰৰ (ইংলেণ্ড) প্ৰদৰ্শন এই মেচখনত উল্লেখনীয় হ'ব । আনহাতে, বলিঙত লকি ফাৰ্গুচন আৰু মাৰ্ক উডৰ মাজত দ্ৰুততম বল কোনে দিব পাৰে সেয়াও চাবলৈ আকৰ্ষণীয় হ'ব ।

লগতে পঢ়ক :World Cup 2023 Match No-1: উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ মুখামুখি ৰাণাৰ্ছ আপ নিউজিলেণ্ড

Last Updated : Oct 5, 2023, 10:30 PM IST

ABOUT THE AUTHOR

...view details