অসম

assam

এতিয়াও প্লে’ অফৰ বাবে যোগ্যতা অৰ্জনৰ সুযোগ আছে পঞ্জাৱ কিংছৰ ওচৰত !

By

Published : Oct 5, 2021, 4:57 PM IST

Punjab Kings still have a mathematical chance of qualifying for playoffs
এতিয়াও প্লে অফৰ বাবে যোগ্যতা অৰ্জনৰ সুযোগ আছে পঞ্জাৱ কিংছৰ ওচৰত ()

দেওবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত পৰাজিত হোৱাৰ লগে লগে পঞ্জাৱ কিংছৰ প্লে’ অফৰ বাবে যোগ্যতা অৰ্জনৰ আশাত চেঁচা পানী পৰে । কিন্তু এতিয়াও আশা এৰি দিয়া নাই কে এল ৰাহুলৰ দলে । নিজৰ অন্তিম খেল আৰু আন তিনিটা দলৰ খেলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰাৰ সম্ভাৱনা আছে বুলি সন্তুষ্টি লৈছে দলটোৱে ।

স্পৰ্টছ ডেস্ক, ৫ অক্টোবৰ: কোহলি বাহিনীৰ হাতত পৰাস্ত হোৱাৰ পিছতো প্লে’ অফৰ বাবে যোগ্যতা অৰ্জনৰ পথ বন্ধ হৈ গৈছে বুলি আশা এৰি দিয়া নাই কে এল ৰাহুলৰ দলে । দেওবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খেলি পৰাস্ত হৈছিল পঞ্জাৱ কিংছ । তেওঁলোকৰ লক্ষ্য আছিল ১৪ পইণ্ট সংগ্ৰহ কৰি প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা আৰু আই পি এল-২০২১ৰ শীৰ্ষ চাৰিটা দলৰ মাজৰ এটা দল হিচাপে নিজৰ স্থান স্পষ্ট কৰা । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত পৰাজিত হোৱাৰ বাবে পঞ্জাৱ কিংছ আৰু এখোজ পিছুৱাই যাবলগীয়া হৈছে ।

অৱশ্যে এতিয়াও প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰাৰ সম্ভাৱনা আছে বুলি দলটোৱে দাবী কৰিছে । দলটোৰ মতে, ৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া অন্তিম খেলখনত যদি চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে পঞ্জাৱ কিংছে জয় লাভ কৰে, তেন্তে তেওঁলোকে যোগ্যতা অৰ্জনৰ দিশে আগবাঢ়িব । অন্তিমখন খেলত জয়ী হোৱাৰ আশা কৰাৰ উপৰিও কে এল ৰাহুলৰ দলে আশা কৰিছে যে, আন কোনো দলে যাতে ১২ পইণ্টতকৈ অধিক পইণ্ট সংগ্ৰহ কৰিব নোৱাৰে । এনে হ'বলৈ মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ এই দুয়োটা দলে তেওঁলোকৰ বাকী দুখন খেলৰ যিকোনো এখনত বিজয়ী হ'ব লাগিব ।

আনহাতে, কলকাতা নাইট ৰাইডাৰ্ছে অন্তিমখন গ্ৰুপ মেচত পৰাজিত হ'ব লাগিব । পঞ্জাৱ কিংছৰ সমীকৰণ অনুসৰি, মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে জয় লাভ আৰু এছ আৰ এইচৰ বিৰুদ্ধে যুঁজি পৰাজিত হ'ব লাগিব আৰু ৰাজস্থান ৰয়েলছে কে কে আৰৰ বিৰুদ্ধে যুঁজি জয়ী হ'ব লাগিব । এনে ফলাফল হ'লে চাৰিটা দলে ১২ পইণ্ট লাভ কৰিব আৰু তেতিয়া নেট ৰানৰ প্ৰসংগ আহি পৰিব আৰু পঞ্জাৱ কিংছৰ বাবে সহায়ক বুলি বিবেচিত হ'ব ।

সেয়েহে, পঞ্জাৱ কিংছে তেওঁলোকৰ অন্তিম গ্ৰুপ মেচত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে বৃহৎ জয় আশা কৰিছে । লগতে কে কে আৰ নিজৰ অন্তিম গ্ৰুপ মেচত ৰাজস্থান ৰয়েলছৰ হাতত পৰাজিত হোৱাটো পঞ্জাৱ কিংছে বিচাৰিছে । কিয়নো, তেতিয়াহে পইণ্টৰ তালিকাত পঞ্জাৱ কিংছ আগবাঢ়ি যাব পাৰিব । এয়া নিশ্চিত নহয় যদিও কে এল ৰাহুল আৰু তেওঁৰ দলে ৭ অক্টোবৰৰ খেলখনত জয়ী হোৱাৰ আশা কৰিছে ।

লগতে পঢ়ক:ডুবাইৰ পিট্ছত স্পিনাৰসকলক হিট কৰিবলৈ কঠিন: সুভম গীল

ABOUT THE AUTHOR

...view details