অসম

assam

পইন্ট তালিকাৰ চতুৰ্থ স্থানৰ যুঁজত পাঞ্জাৱ বনাম কলকাতা

By

Published : Oct 26, 2020, 5:04 PM IST

আইপিএলৰ 46 সংখ্যক মেচত আজি কলকাতাৰ সন্মুখত পাঞ্জাৱ দল ৷ চতুৰ্থ স্থানৰ যুঁজত অৱতীৰ্ণ হ'ব দুয়ো দল ৷

আইপিএল
পাঞ্জাৱ বনাম কলকাতা

স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ :ক্ৰমাগতভাৱে চাৰিখনকৈ মেচত জয় সাব্যস্ত কৰি কে. এল. ৰাহুল নেতৃত্বাধীন কিংছ ইলেভেন পাঞ্জাৱে সকলোকে আচৰিত কৰি তুলিছিল ৷ আইপিএলৰ 46 সংখ্যক মেচত শেহতীয়াকৈ দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা দলটোৱে আজি কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ৷

দুয়োটা দলৰ পূৰ্বৰ মুখামুখিত কলকাতা দলে পাঞ্জাৱ দলক দুই ৰাণত পৰাস্ত কৰিছিল ৷ ইয়ন মৰ্গান নেতৃত্বাধীন দলে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা নাই, আনহাতে পাঞ্জাৱে মেচত জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে ৷

কিংছ ইলেভেন পাঞ্জাৱ

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে জয়ৰ পাচত নিসন্দেহে পাঞ্জাৱ দলৰ আত্মবিশ্বাস বহু পৰিমাণ বৃদ্ধি পাইছে ৷ পাঞ্জাৱ দলৰ শীৰ্ষ ক্ৰমৰ বেটছমেন ৰাহুল আৰু মায়ংকে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷ আনহাতে, ক্ৰিছ গেইলৰ প্ৰত্যাৱৰ্তন দলটোৰ বাবে ইতিবাচক দিশ ৷ নিকোলাছ পুৰানো শেহতীয়াকৈ ফৰ্মলৈ উভতি আহিছে যদিও গ্লেন মেক্সৱেলৰ দুৰ্বল প্ৰদৰ্শনে পাঞ্জাৱ শিবিৰক কিছু চিন্তিত কৰি ৰাখিছে ৷

তেওঁলোকৰ বলিং বিশেষকৈ অভিজ্ঞতাসম্পন্ন মহম্মদ ছামী আৰু ৰবী বিষ্ণৈৰ ওপৰত নিৰ্ভৰশীল ৷ অৰ্শদ্বীপ সিং আৰু ক্ৰিছ জৰ্ডানে হায়দৰাবাদৰ বিৰুদ্ধে দলক জয় প্ৰদান কৰাত ভূমিকা গ্ৰহণ কৰিছিল ৷

আনহাতে, দিল্লী কেপিটেলছক 59 ৰাণত পৰাস্ত কৰি যোগ্য প্ৰত্যাৱৰ্তন ঘটাইছে কলকাতা দলে ৷ তেওঁলোকৰ শীৰ্ষক্ৰমৰ বেটছমেন শুভমান গিল আৰু নিতীশ ৰানা ফৰ্মত আছে ৷ পূৰ্বৰ মেচত লৱাৰ অৰ্ডাৰত সুনীল নাৰায়নেও 64 ৰাণ সংগ্ৰহ কৰিছিল ৷

কলকাতা নাইট ৰাইডাৰ্ছ

পেচাৰ পেট কামিনছ, প্ৰসিদ্ধ কৃষ্ণ আৰু কমলেশ নাগাৰকোটিয়েও ভাল প্ৰদৰ্শন আগবঢ়াইছে যদিও স্পনীৰ বৰুণ চক্ৰৱৰ্তীয়ে (5/20) দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল ৷

স্কোৱাড :

কিংছ ইলেভেন পাঞ্জাৱ : লোকেশ ৰাহুল, হৰপ্ৰীত ব্ৰাৰ, ইশান পোৰেল, মন্দীপ সিং, জেমছ নিশাম, তাজিন্দৰ সিং, ক্ৰিছ জৰ্ডান, কৰুণ নায়াৰ, দীপক হুদা, ৰবী বিষ্ণৈ, অৰ্শদ্বীপ সিং, গ্লেন মেক্সৱেল, মুজীৱ ওৰ ৰহমান, ছৰফৰাজ খান, শ্বেনড্ৰন কট্ৰেল, মায়ংক আগৰৱাল, মহম্মদ ছামী, দৰ্শন নালকাণ্ডে, নিকোলাছ পুৰান, ক্ৰেছ গেইল, মুৰুগান অশ্বিন, জগদীশা সুছিথ, কৃষ্ণাপ্পা গৌথাম, হৰদাস ভিলজিয়ন, ছিমৰন সিং ৷

কলকাতা নাইট ৰাইডাৰ্ছ : ইয়ন মৰ্গান, শুভমন গীল, নিতীশ ৰানা, ৰাহুল ত্ৰিপাঠী, দিনেশ কাৰ্তিক, আন্দ্ৰে ৰাছেল, কুলদ্বীপ যাদৱ, লকী ফাৰ্গুছন, পেট কামিনছ, বৰুণ চক্ৰৱৰ্তী, সুনীল নাৰায়ন, টম বেন্টন, সিদ্ধেশ লাড, কমলেশ নাগাৰকোটি, প্ৰসিদ্ধ কৃষ্ণ, সন্দীপ ৱেৰিয়ৰ, শিভম মাবী, ৰিংকু সিং, ক্ৰিছ গ্ৰীন, এম সিদ্ধাৰ্থ আৰু নিখিল নায়ক ৷

লগতে পঢ়ক :Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

ABOUT THE AUTHOR

...view details