অসম

assam

দলৰ সকলো খেলুৱৈয়ে সন্মান কৰে বিৰাট কোহলীক : শ্বেন ৱাৰ্ণ

By

Published : Sep 8, 2021, 6:07 PM IST

Shane Warne

ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থ টেষ্ট বিজয় সাব্যস্ত কৰাৰ পাছতে চৰ্চালৈ আহিছে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী । অধিনায়ক হিচাপে বিৰাট কোহলী সফল নে ? কি ক'লে প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণে ?

স্পৰ্টছ ডেস্ক,৮ ছেপ্টেম্বৰ :চলিত টেষ্ট শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্টত ভাৰতে জয়লাভ কৰিছে । ভাৰত সম্প্ৰতি ২-১ ত অগ্ৰগতি লাভ কৰি আছে । ভাৰতীয় বলাৰসকলে সোমবাৰে কেনিংটন ওভালত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ অন্তিম দিনটোত উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় । যাৰ বাবে ইংলেণ্ড ১৫৭ ৰাণত পৰাজিত হয় ।

ইয়াৰ পাছতে বিৰাট কোহলী (Virat Kohli) নেতৃত্বধীন ভাৰতীয় দলটোক প্ৰাক্তন ক্ৰিকেটাৰসকলে প্ৰশংসা কৰা দেখা গৈছে । অষ্ট্ৰেলিয়াৰ প্ৰাক্তন স্পিনাৰ শ্বেন ৱাৰ্ণেও (Shane Warne) কোহলীক প্ৰশংসা কৰি কয় যে কোহলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে যথেষ্ট সন্মান আজুৰিবলৈ সক্ষম হৈছে যাৰ বাবে সকলো খেলুৱৈয়ে তেওঁৰ নেতৃত্বত খেলিব বিচাৰে । উল্লেখ্য যে, চতুৰ্থ টেষ্টৰ অন্তিম দিনত অলি পোপক যশপ্ৰীত বুমৰাহে আউট কৰাৰ পাছতে ট্ৰেম্পেট বজোৱাৰ ভাও লৈ বাৰ্মি আৰ্মীক উপহাস কৰিছিল । ইয়াৰ পাছতে কোহলীৰ প্ৰদৰ্শনকলৈ বহুতে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে ।

শ্বেন ৱাৰ্ণৰ মতে সকলোৱে বিৰাটক অনুসৰণ কৰে । সকলো খেলুৱৈয়ে তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে । এগৰাকী অধিনায়কৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণ ।

বিৰাট কোহলীয়ে যিধৰণে পৰিচালনা কৰে তেওঁ ধন্যবাদৰ পাত্ৰ বুলিও কয় শ্বেন ৱাৰ্ণে । বিশ্বাস ক্ৰীড়াৰ এক অপৰিহাৰ্য অংগ আৰু সেই বিশ্বাস বিৰাট কোহলীয়ে খেলুৱৈসকলক দিবলৈ সক্ষম হৈছে । বিৰাট কোহলী থকালৈ টেষ্ট ক্ৰিকেট চিৰস্থায়ী হওক বুলিও কামনা কৰে খেলুৱৈগৰাকীয়ে ।

শৃংখলাৰ চতুৰ্থখন খেলত বেটিঙৰ বাবে যথেষ্ট ভাল পৰিস্থিতিৰ সৈতে ইংলেণ্ডৰ অপেনাৰসকলে এক সুন্দৰ আৰম্ভণি দিছিল । দুয়োজনে অৰ্ধশতক অৰ্জন কৰিছিল । অৱশ্যে শ্বাৰ্দুল ঠাকুৰ (Shardul Thakur) আক্ৰমণলৈ আহিছিল আৰু পঞ্চম দিনৰ প্ৰথম অভাৰতে বাৰ্ণছৰ উইকেট দখল কৰিছিল ।

দ্বিতীয় ইনিংছত ৫০ ৰাণতকৈ অধিক ৰাণ সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰা শ্বাৰ্দুল ঠাকুৰে পিছত জো ৰুটক (Joe Root) পেভিলিয়নলৈ ঘূৰাই পঠিয়াইছিল । ৫ম দিনা দুপৰীয়াৰ আহাৰৰ ঠিক পিছলৈকে ইংলেণ্ড দলটো আক্ৰমণাত্মক হৈ আছিল কিন্তু যশপ্ৰীট বুমৰাহৰ (Jasprit Bumrah) এটা স্পেলে ভাৰতক বিজয়ৰ দিশে লৈ গৈছিল । ভাৰত আৰু ইংলেণ্ডে মানচেষ্টাৰত অহা ১০ ছেপ্টেম্বৰৰ পৰা পঞ্চম আৰু অন্তিম টেষ্ট খেলিব ।

লগতে পঢ়ক :পত্নী আয়েশাৰ সৈতে বিবাহ বিচ্ছেদ শিখৰ ধৱনৰ

ABOUT THE AUTHOR

...view details