পত্নী আয়েশাৰ সৈতে বিবাহ বিচ্ছেদ শিখৰ ধৱনৰ

author img

By

Published : Sep 8, 2021, 1:46 PM IST

Shikhar Dhawan separates with wife Aesha

ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধৱন(Shikhar Dhawan) আৰু পত্নী আয়েশা মুখাৰ্জী(Aesha Mukerjee)ৰ মাজত বিবাহ বিচ্ছেদ(Divorce) ৷ বিবাহৰ 8 বছৰৰ অন্তত হোৱা এই বিচ্ছেদৰ পাচতে ইনষ্টাগ্ৰামযোগে এই কথা ঘোষণা কৰে আয়েশাই ৷

স্পৰ্টচ ডেস্ক, 8 ছেপ্তেম্বৰ : বিবাহৰ 8 বছৰৰ অন্তত বিচ্ছেদ(Divorce) হ’ল ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধৱন(Shikhar Dhawan) আৰু পত্নী আয়েশা মুখাৰ্জীৰ (Aesha Mukerjee) ৷ ইনষ্টাগ্ৰামযোগে আয়েশাই সামাজিকভাৱে এই কথা ঘোষণা কৰে ৷ ইয়াৰ পাচতে ছ’চিয়েল মিডিয়াত দুয়োৰে সম্পৰ্কক লৈ এক ধুমুহা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ৷

Shikhar Dhawan separates with wife Aesha
পত্নী আয়েশাৰ সৈতে বিবাহ বিচ্ছেদ শিখৰ ধৱনৰ

বিচ্ছেদৰ পাচত আয়েশাই লিখিছে, ‘‘মোৰ দ্বিতীয়বাৰ বিবাহ বিচ্ছেদ নোহোৱালৈকে মই ‘বিবাহ বিচ্ছেদ’টো এটা লেতেৰা শব্দ বুলি ভাবিছিলো’’ ৷ উল্লেখ্য যে, 2012 চনত শিখৰ ধৱনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল কিক বক্সাৰ আয়েশা ৷ শিখৰৰ পূৰ্বে মেলব’ৰ্ণত ডাঙৰ হোৱা আয়েশাই এগৰাকী মেলব’ৰ্ণৰ ব্যৱসায়ীৰ সৈতে বিয়া হৈছিল যদিও দুয়োৰে সম্পৰ্ক আগবঢ়া নাছিল ৷ প্ৰথম বিবাহ বিচ্ছেদৰ পাচতে আয়েশাই শিখৰ ধৱনৰ সৈতে সম্পৰ্কত বান্ধ খায় ৷

প্ৰথম স্বামীৰ সৈতে আয়েশাৰ দুগৰাকী কন্যা সন্তান থকাৰ উপৰিও শিখৰ-আয়েশাৰো এটি জোৰেৱাৰ নামৰ পুত্ৰ সন্তান আছে ৷ ইনষ্টাগ্ৰামযোগে আয়েশাই আবেগিক হৈ লিখিছে, ‘‘আমোদজনক কথাটো হ’ল যে বিবাহ বিচ্ছেদ এই শব্দবোৰ কিমান শক্তিশালী হ’ব পাৰে ৷ প্ৰথমবাৰ বিবাহ বিচ্ছেদ হওতেও মই ভয় খাইছিলো । সেই সময়ত মই অনুভৱ কৰিছিলো যে, মই সম্পৰ্কত বিফল হৈছিলো আৰু হয়তো কিবা ভুল কৰি আছিলো’’ ৷

‘‘বিবাহ বিচ্ছেদ হোৱাৰ বাবে এনে লাগিছিল যেন দ্বিতীয়বাৰৰ বাবে মোক বিপদে আগুৰি ধৰিব । যেতিয়া মোৰ দ্বিতীয়বাৰ বিবাহ বিচ্ছেদ হ’ল তেতিয়াও মোৰ ভয় লাগিছিল’’ ৷ এইদৰে আবেগিক হৈ নিজৰ অনুভৱ ব্যক্ত কৰে আয়েশাই ৷

লগতে পঢ়ক: বক্সাৰ যমুনা বড়োৰ নতুন পৰিচয়...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.