অসম

assam

IND vs WI test 2023 : প্ৰথমখন টেষ্টত ভাৰতৰ হাতত ধৰাশায়ী ৱেষ্ট ইণ্ডিজ

By

Published : Jul 15, 2023, 9:50 AM IST

যুৱ বেটছমেন জয়ছোৱাল আৰু অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ উৎকৃষ্ট প্ৰদৰ্শনে ভাৰতক শৃংখলাৰ প্ৰথম জয় সাব্যস্ত কৰাত সহায় কৰে । এটা ইনিংছসহ ১৪১ ৰাণত পৰাস্ত হয় ঘৰুৱা দল ৱেষ্ট ইণ্ডিজ । জয়ছোৱালক প্লেয়াৰ অফ দ্য মেচ বঁটা ।

IND vs WI test 2023
প্ৰথমখন টেষ্টত ভাৰতৰ হাতত ধৰাশায়ী ৱেষ্ট ইণ্ডিজ

স্পৰ্টছ ডেস্ক,১৫ জুলাই :উইণ্ডছৰ পাৰ্কত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত খেলা প্ৰথমখন টেষ্ট মেচতে ভাৰতে ঘৰুৱা দলটোক এটা ইনিংছ আৰু ১৪১ ৰাণত পৰাস্ত কৰে । তৃতীয় দিনাই ভাৰতে খেলখনত জয়ী হয় । টছত জয়ী হৈ প্ৰথমে বেটিং কৰা ৱেষ্ট ইণ্ডিজ দলটো মাত্ৰ ১৫০ ৰাণতে প্ৰথম ইনিংছৰ সামৰে । ৱেষ্ট ইণ্ডিজৰ ৫ গৰাকীকৈ বেটছমেনে আনকি দুটা অংকৰ ৰাণো সংগ্ৰহ কৰিব নোৱাৰিলে ।

ইয়াৰ পাছত, ভাৰতে প্ৰথম ইনিংছটো ৫ উইকেট হেৰুৱাই ৪২১ ৰাণত ইনিংছ ঘোষণা কৰে । প্ৰথম ইনিংছত অধিনায়ক ৰোহিত শৰ্মাই ১০৩ ৰাণ আৰু যশস্বী জয়ছোৱালে অভিষেক মেচত ১৭১ ৰাণেৰে দলটোক শক্তিশালী স্থিতিলৈ লৈ যায় ।

ইফালে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ৰবিচন্দ্ৰন অশ্বিনক প্লেয়িং-১১ত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল । কিন্তু ২০২৩ চনৰ ডব্লিউটিচি ফাইনেলৰ পাছত প্ৰথমখন টেষ্টতে তেওঁ আক্ৰমণাত্মক বলিং কৰি সমালোচকসকলক উপযুক্ত প্ৰত্যুত্তৰ দিয়ে । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা প্ৰথম খন টেষ্টতে অশ্বিনে মুঠ ১২ টা উইকেট দখল কৰে । তেওঁ প্ৰথম ইনিংছত ৫ টা উইকেট আৰু দ্বিতীয় ইনিংছত ৭ টা উইকেট দখল কৰি ৱেষ্ট ইণ্ডিজৰ বেটিং লাইন-আপক একপ্ৰকাৰ ধ্বংস কৰি দিয়ে ।

আনহাতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক টেষ্ট মেচত যুৱ বাওঁহাতৰ বেটছমেন যশস্ৱী জয়ছোৱালে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় । জয়ছোৱালে অভিষেক টেষ্টত শতক অৰ্জন কৰা ১৭ নম্বৰ ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় । ইয়াৰ বাহিৰেও তেওঁ কেইবাটাও অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় । জয়ছোৱালে ৩৮৭ টা বলত ১৭১ ৰাণ সংগ্ৰহ কৰে । ইনিংছটোত তেওঁ ১৬ টা চাৰি আৰু ১ টা ছয় মাৰিছিল । এই উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে জয়ছোৱালক প্লেয়াৰ অফ দ্য মেচ সন্মানো প্ৰদান কৰা হয় ।

লগতে পঢ়ক :Yashasvi Jaiswal debut test century : অভিষেকতে অভিলেখ জয়ছোৱালৰ

ABOUT THE AUTHOR

...view details