অসম

assam

কোহলীৰ অধিনায়কত্বৰ বিবাদক লৈ গাংগুলীয়ে মন্তব্য কৰা উচিত নাছিল : দিলীপ ভেংচৰকাৰ

By

Published : Dec 23, 2021, 2:24 PM IST

শেহতীয়াকৈ চৰ্চিত হৈ পৰিছে বিৰাট কোহলীৰ অধিনায়কত্বৰ বিষয়টো । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা নিৰ্বাচক মণ্ডলীৰ অধ্যক্ষ দিলীপ ভেংচৰকাৰে কয় যে, কোহলীৰ অধিনায়কত্বক লৈ আৰম্ভ হোৱা বিবাদ সন্দৰ্ভত সৌৰভ গাংগুলীয়ে মন্তব্য কৰা উচিত নাছিল (Dilip Vengsarkar's reaction on Virat-Ganguly controversy) ।

Dilip Vengsarkar on Virat Kohli captaincy issue
সৌৰভ গাংগুলীক সমালোচনা দিলীপ ভেংচৰকাৰৰ

স্প’ৰ্টছ ডেস্ক, ২৩ ডিচেম্বৰ: "বিৰাট কোহলীৰ অধিনায়কত্ব সন্দৰ্ভত বাছনি সমিতিৰ অধ্যক্ষৰ পৰিৱৰ্তে সৌৰভ গাংগুলীয়ে ব্যক্তিগত মতামত আগবঢ়োৱা অনুচিত । তেওঁ এই মতামতে এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে । এই বিষয়ত গাংগুলীয়ে ব্যক্তিগত মতামত আগবঢ়োৱাৰ কোনো প্ৰয়োজন নাছিল" । বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীক এইদৰে সমালোচনা কৰে ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা নিৰ্বাচক মণ্ডলীৰ অধ্যক্ষ দিলীপ ভেংচৰকাৰে (Dilip Vengsarkar on Virat-Ganguly controversy) ।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকালৈ যোৱাৰ পূৰ্বে বিৰাট কোহলীয়ে সংবাদমেল সম্বোধন কৰি স্পষ্ট কৰি দিছিল যে, টী-২০ ৰ অধিনায়কৰ পদ ত্যাগ নকৰিবলৈ বিচিচিআইৰ পৰা কোনেও তেওঁক কোৱা নাছিল । কিন্তু ইয়াৰ পূৰ্বে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে প্ৰকাশ কৰিছিল যে তেওঁ এই বিষয় সন্দৰ্ভত বিৰাট কোহলীৰ সৈতে আলোচনা কৰিছিল । কিন্তু কোহলীয়ে এই কথা নস্যাৎ কৰে । এতিয়া এই সন্দৰ্ভত দিলীপ ভেংচৰকাৰে গাংগুলীক সমালোচনা কৰি কৈছে যে, বাছনি সমিতিৰ হৈ কথা পাতিবলৈ গাংগুলীৰ কোনো প্ৰয়োজন নাছিল (Dilip Vengsarkar on Sourav Ganguly) ।

সৌৰভ গাংগুলীক সমালোচনা দিলীপ ভেংচৰকাৰৰ

তেওঁ কয় যে, গাংগুলী বিচিচিআইৰ অধ্যক্ষ । বাছনি অথবা অধিনায়কত্বৰ বিষয়ৰ যিকোনো সমস্যাৰ বিষয়ে মতামত আগবঢ়াবলৈ হ'লে বাছনি সমিতিৰ অধ্যক্ষ চেতন শৰ্মাই মত প্ৰকাশ কৰিব ।

গাংগুলীয়ে কৈছিল যে, "আমি বিৰাটক টী-২০ অধিনায়কৰ পদ ত্যাগ নকৰিবলৈ অনুৰোধ জনাইছিলো । কিন্তু তেওঁ অধিনায়কৰ দায়িত্বত থাকিব বিচৰা নাছিল । সেয়েহে নিৰ্বাচকসকলে অনুভৱ কৰিছে যে, তেওঁলোকৰ বগা বলৰ ফৰ্মেটত দুজন বগা বলৰ অধিনায়ক থাকিব নোৱাৰে" । ভেংচৰকাৰৰ মতে, খেলুৱৈ বাছনি কৰা অথবা বাদ দিয়াটো কেৱল বাছনি সমিতিৰ ওপৰত নিৰ্ভৰ কৰে । বাছনি সমিতিৰ দ্বাৰা এজন অধিনায়ক বাছনি বা অপসাৰণ কৰা হয় আৰু সেয়া গাংগুলীৰ অধিকাৰ ক্ষেত্ৰ নহয় ।

লগতে পঢ়ক: তেলেংগানাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতালৈ ৰাওনা অসমৰ খেলুৱৈ

ABOUT THE AUTHOR

...view details