ETV Bharat / state

তেলেংগানাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতালৈ ৰাওনা অসমৰ খেলুৱৈ

author img

By

Published : Dec 22, 2021, 1:29 PM IST

তেলেংগানাৰ হায়দৰাবাদ চহৰত অনুষ্ঠিত হ'ব সপ্তম ৰাষ্ট্ৰীয় টং-ইল-মুডো মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতা (7th National Tong-Il-Moo-do Martial Arts Tournament) ৷ ইয়াৰ বাবে অসমৰ পৰা ৰাওনা হৈছে এটা 52 জনীয়া দল ।

ৰাষ্ট্ৰীয় টং-ইল -মুডো মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতালৈ ৰাওনা অসমৰ দল
ৰাষ্ট্ৰীয় টং-ইল -মুডো মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতালৈ ৰাওনা অসমৰ দল

নলবাৰী, 22 ডিচেম্বৰ : চলিত মাহৰ 24, 25 আৰু 26 ডিচেম্বৰত তেলেংগানাৰ হায়দৰাবাদত তেলেংগানা টং-ইল-মুডো সন্থা (Tong-Il-Moo-do Martial Arts federation of hyderabad) ৰ উদ্যোগত আৰু ভাৰতীয় টং-ইল-মুডো সন্থাৰ অধীনত সপ্তম ৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷

এই প্ৰতিযোগিতাখন চাব জুনিয়ৰ, জুনিয়ৰ, চিনিয়ৰ আৰু কেডেট শাখাত অনুষ্ঠিত হ'ব ৷ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থা আৰু ভাৰতীয় স্কুল ক্ৰীড়া সন্থাৰ অধীনত স্বীকৃতিপ্ৰাপ্ত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব অসমৰ এটি 52 জনীয়া খেলুৱৈৰ দলে ৷ মঙলবাৰে অসমৰ পৰা ৰে’লযোগে হায়দৰাবাদলৈ যোৱা এই দলটোক নেতৃত্ব প্ৰদান কৰিছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈয়ে ৷

ৰাষ্ট্ৰীয় টং-ইল -মুডো মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতালৈ ৰাওনা অসমৰ দল
ৰাষ্ট্ৰীয় টং-ইল -মুডো মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতালৈ ৰাওনা অসমৰ দল

দলটো ৰাওনা হোৱাৰ প্ৰাক-মূহুৰ্তত প্ৰশিক্ষক ধৰ্মেশ্বৰ হালৈয়ে প্ৰতিযোগিতা সন্দৰ্ভত কয় যে, নলবাৰী, বৰপেটা, বাক্সা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবৰী, কামৰূপ(গ্ৰাম্য), গুৱাহাটী আৰু মৰিগাঁও জিলাৰ পৰা অহা খেলুৱৈসকলে এই প্ৰতিযোগিতাত অংশ ল’ব ৷ খেলুৱৈসকলে বহিৰাজ্যত উন্নত প্ৰদৰ্শনেৰে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ’ব বুলি আশাবাদী প্ৰশিক্ষকগৰাকী ৷

লগতে পঢ়ক : কাৰাটেৰ জৰিয়তে বিশ্বজয় কৰাৰ সপোন কলিয়াবৰৰ শতাধিক কণমানিৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.