স্পৰ্টছ ডেস্ক, 10 নৱেম্বৰ : আইচিচি বিশ্বকাপ 2023ত ধাৰাভাষ্যত ব্যস্ত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন মুৰব্বী ৰমীজ ৰাজাই ইডেন গাৰ্ডেনছলৈ আহি শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ খেলখনৰ প্ৰাকক্ষণত পাকিস্তান দলৰ সৈতে কথা পাতিছিল ৷
প্ৰাক্তন অধিনায়কগৰাকীয়ে বৰ্তমানৰ অধিনায়ক বাবৰ আজমৰ সৈতে বহু সময় কথা পাতে আৰু তেওঁলোকৰ অন্তিমখন গ্ৰুপ লীগৰ খেলৰ পূৰ্বে গুৰুত্বপূৰ্ণ মন্তব্যৰ বিনিময় কৰে ৷ বিশ্বকাপৰ পৰা পাকিস্তানৰ বাহিৰ হোৱাটো মাথোঁ সময়ৰ কথা, কিয়নো ইংলেণ্ডৰ বিৰুদ্ধে 287 ৰাণত জয়লাভ কৰি শেষৰ চাৰিটা পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব লাগিব ৷
অৱশ্যে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে স্পষ্টভাৱে কয় যে পাকিস্তানে পৰাস্ত হোৱাৰ পূৰ্বেই পৰাস্ত হ’ব নিবিচাৰে ৷ প্ৰথম অৱস্থাত পাকিস্তান দলটোৱে অ’পেনাৰ ফখৰ জামান অবিহনে খেলিবলৈ আৰম্ভ কৰিছিল ৷ এতিয়া বাবৰ বাহিনীয়ে জামানৰ ওপৰত নিৰ্ভৰ কৰিছে ৷
শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে বাবৰ আজমে কয় যে, ‘এখন মেচ বাকী আছে ৷ এয়া ক্ৰিকেট, ইয়াত বহু কথা হ’ব পাৰে ৷ আমি শেষৰখন মেচ ভালকৈ খেলিব বিচাৰো ৷'
কিন্তু পাকিস্তান দলত এনে পৰিস্থিতি কিয় ? পাকিস্তানৰ অধিনায়কগৰাকীয়ে কয়, "আফগানিস্তানৰ বিৰুদ্ধে মেচখনত পৰাজয়ে আমাক এই পৰিস্থিতিলৈ লৈ গৈছে ৷ কিন্তু যিকোনো পৰ্যায়তে যিকোনো প্ৰচেষ্টাত আপোনাৰ ইতিবাচক আশা থাকিব লাগে আৰু মই সেই কথা দৃঢ়ভাৱে বিশ্বাস কৰোঁ ৷ ইতিমধ্যে ফখৰ জামানে ছন্দ বিচাৰি পাইছে ৷ তেওঁৰ পৰা আশা কৰা হৈছে ৷ তেওঁ বৃহৎ ৰাণ সংগ্ৰহ কৰিব পাৰে ৷ অংশীদাৰিত্ব এটা ডাঙৰ কথা ৷ যদি ফখৰে 20 বা 30 অভাৰলৈকে উইকেটত থাকে তেন্তে সেয়া বেলেগ হ'ব পাৰে ৷ তেতিয়া মহাম্মদ ৰিজৱান, ইফতিখাৰ আহমেদ নামি আহিব ৷ আমি ইয়াৰ বাবে পৰিকল্পনা কৰিছো ৷" শুকুৰবাৰে মেচৰ পূৰ্বে অনুষ্ঠিত হোৱা মিডিয়া ব্ৰিফিঙত এইদৰে কয় বাবৰ আজমে ৷