অসম

assam

খেলপথাৰলৈ উভতিবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে ৰোহিত, ৰাহানেই

By

Published : Jul 9, 2020, 7:43 AM IST

আৰম্ভ হ'ল আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচ ৷ ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজৰ মাজত কৰ'ণা ভাইৰাছৰ পাচত প্ৰথমখন ক্ৰিকেট মেচ অনুষ্ঠিত হৈছে ৷

আৰম্ভ হ'ল আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচ
খেলপথাৰলৈ উভতিবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে ৰোহিত, ৰাহানেই

স্পৰ্টছ ডেস্ক, 9 জুলাই :খেলপথাৰলৈ উভতিবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে বিভিন্ন ক্ৰীড়াক্ষেত্ৰৰ ক্ৰীড়াবিদসকলে ৷ খেলপথাৰলৈ অতি সোনকালে উভতাৰ আশা কৰিছে ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা আৰু আজিংকা ৰাহানেই ৷ ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পাচতে এই কথা প্ৰকাশ কৰে ভাৰতৰ ক্ৰিকেটাৰ দুগৰাকীয়ে ৷

ৰাহানেই টুইটাৰৰ জৰিয়তে কয়, "ক্ৰিকেট মেচসমূহ পুনৰ আৰম্ভ হোৱাত আনন্দিত হৈছো ৷ দুয়োটা দললৈ শুভেচ্ছা জ্ঞাপন কৰিলো ৷ খেলপথাৰলৈ উভতিবলৈ আৰু অপেক্ষা কৰিব নোৱাৰো #ENGvsWI ৷"

ৰোহিত শৰ্মাইও টুইটাৰৰ জৰিয়তে কয়, "ক্ৰিকেট ঘূৰি আহিছে, ব্ৰিটেইনৰ পৰা সকাৰাত্মক ফলাফল লাভ কৰিছো ৷ অৱশেষত ক্ৰিকেট আৰম্ভ হোৱাত ভাল লাগিছে ৷ দুয়োটা দললৈ শুভেচ্ছা জ্ঞাপন কৰিলো ৷ মইও খেল পথাৰলৈ ঘূৰি যাবলৈ অপেক্ষা কৰি আছো ৷"

COVID-19 ৰ পাচত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ৷ মাৰ্চ মাহৰ পৰাই কৰ'ণা ভাইৰাছৰ বাবে এখনো ক্ৰিকেট মেচ অনুষ্ঠিত হোৱা নাছিল ৷ কৰ'ণা মহামাৰীৰ ফলত বিশ্বৰ সকলো অঞ্চলতে ক্ৰীড়া মেচসমূহ স্থগিত কৰি ৰখা হৈছিল ৷

COVID-19 সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ তিনিখনীয়া টেষ্ট শৃংখলা বন্ধ ষ্টেডিয়ামৰ মাজত অনুষ্ঠিত কৰা হৈছে ৷ এজিছ বউলত অনুষ্ঠিত মেচত ইংলেণ্ডে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক :জন্মদিনত ধোনীৰ বাইক ৰাইডিং

ABOUT THE AUTHOR

...view details