ETV Bharat / sports

জন্মদিনত ধোনীৰ বাইক ৰাইডিং

author img

By

Published : Jul 8, 2020, 10:09 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে যোৱা 7 জুলাইত পালন কৰে নিজৰ 39 সংখ্য়ক জন্মদিন । ধোনীৰ জন্মদিন উপলক্ষ্য মহিন্দ্ৰ সিং ধোনীৰ ফাৰ্ম হাউচত উপস্থিত হৈছিল হাৰ্দিক পাণ্ডিয়া আৰু ক্ৰোণাল পাণ্ডিয়া । ফাৰ্ম হাউচত বাইক ৰাইডিং কৰা অৱস্থাত দেখা পোৱা যায় ধোনীক ।

Dhoni did bike riding on his birthday in ranchi
Dhoni did bike riding on his birthday in ranchi

স্পৰ্টছ ডেস্ক, 8 জুলাই : যোৱা 7 জুলাইত নিজৰ গৃহৰাজ্য ঝাৰখণ্ডৰ ৰাঁচীত নিজৰ জন্মদিন পালন কৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ ধোনীয়ে । 39 সংখ্যক জন্মদিন উপলক্ষ্য ধোনীক বাইক ৰাইডিং কৰা দেখা পোৱা যায় । পূৰ্বৰে পৰাই বাইকৰ প্ৰতি ধোনীৰ এক বিশেষ দুৰ্বলতা দেখা পোৱা যায় । জন্মদিনটো ধোনীয়ে বাইক ৰাইডিঙৰ আনন্দ লয় ।

জন্মদিনত ধোনীৰ বাইক ৰাইডিং

ধোনীৰ ফাৰ্ম হাউচৰ বাহিৰৰ গেটৰ সন্মুখত অজস্ৰ অনুৰাগীয়ে ধোনীক কাষৰ পৰা এবাৰ চাবলৈ ভিৰ কৰেহি । জন্মদিন উপলক্ষ্য ধোনীৰ ফাৰ্ম হাউচত হাৰ্দিক পাণ্ডিয়া আৰু ক্ৰোণাল পাণ্ডিয়াও আহি উপস্থিত হৈছিল । লক্ ডাউন সময়ৰ পৰাই ধোনীয়ে পৰিয়ালৰ সৈতে নিজৰ ফাৰ্ম হাউচত সময় অতিবাহিত কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.