অসম

assam

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ঘোষণা কৰিলে আইচিচিয়ে

By

Published : Jul 29, 2019, 7:44 PM IST

আইচিচিয়ে সোমবাৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ শুভাৰম্ভণীৰ কথা ঘোষণা কৰিছে ৷ এই প্ৰতিযোগিতাৰ ফাইনেল জুন, 2021ত অনুষ্ঠিত হ'ব ৷

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ঘোষণা কৰিলে আইচিচিয়ে

স্পৰ্টছ ডেস্ক, 29 জুলাই : সোমবাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আইচিচিয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বপৰ শুভাৰম্ভণীৰ কথা ঘোষণা কৰে ৷ আইচিচিৰ সাধাৰণ প্ৰৱন্ধক জিয়ফ এলাৰডাইছে এক চৰকাৰী প্ৰতিবেদনৰ জৰিয়তে ঘোষণা কৰে যে,আইচিচি এদিনীয়া বিশ্বকাপ,2019 য়ে এইয়া প্ৰমাণিত কৰিলে যে প্ৰতিখন মেচেই বহু দৰকাৰী আৰু প্ৰতিখন মেচ লেখত লোৱা হয় ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বপো সিমানেই উপযোগী আৰু ইয়াৰ জৰিয়তে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দলকেইটাই মুখামুখি প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিব ৷

উল্লেখ্য যে,চলিত বৰ্ষৰ 1 আগষ্টৰ পৰা ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত এছেজ শৃংখলা অনুষ্ঠিত হ'ব ৷ এই শৃংখলাৰ লগে লগে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ আৰম্ভণী হ'ব ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব টেষ্টৰ সৰ্বশ্ৰেষ্ঠ 9 টাকৈ দলে ৷ এই দলকেইটা হৈছে অষ্ট্ৰেলিয়া, বাংলাদেশ,ইংলেণ্ড,ভাৰত,নিউজিলেণ্ড,পাকিস্তান,দক্ষিণ আফ্ৰিকা শ্ৰীলংকা আৰু বেষ্ট ইণ্ডিজ ৷

এই চেম্পিয়নশ্বিপত 9 টা দলে দুই বছৰ পৰ্যন্ত 27 টাকৈ ছিৰিজত 71 খন টেষ্ট মেচত অংশগ্ৰহণ কৰিব ৷ ইয়াৰ পাছতে শীৰ্ষ দুই দলে জুন, 2021ত গ্ৰেট ব্ৰিটেইনত আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অংশগ্ৰহণ কৰিব ৷

ICC OFFICIALLY LAUNCHES WORLD TEST CHAMPIONSHIP

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ঘোষণা কৰিলে আইচিচিয়ে

স্পৰ্টছ ডেস্ক, 29 জুলাই : সোমবাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচ) বিশ্ব টেষ্ট চেম্পিয়নশ্বপৰ (WTC) উদ্বোধনীৰ কথা ঘোষণা কৰিলে ৷ আইচিচিৰ সাধাৰণ প্ৰৱন্ধক জিয়ফ এলাৰডাইছে এক চৰকাৰী প্ৰতিবেদনৰ জৰিয়তে ঘোষণা কৰে যে, আইচিচি এদিনীয়া বিশ্বকাপ, 2019 য়ে এইয়া প্ৰমাণিত কৰিলে যে প্ৰতিখন মেচেই বহু দৰকাৰী আৰু প্ৰতিখন মেচ লেখত লোৱা হয় ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বপো সিমানেই উপযোগী আৰু ইয়াৰ জৰিয়তে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দলকেইটাই মুখামুখি প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিব ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ 1 আগষ্টৰ পৰা ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত এছেজ শৃংখলা অনুষ্ঠিত হ'ব ৷ এই শৃংখলাৰ লগে লগে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ আৰম্ভণী হ'ব ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব টেষ্টৰ সৰ্বশ্ৰেষ্ঠ 9 টাকৈ দলে ৷ এই দলকেইটা হৈছে অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, ভাৰত, নিউজিলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু বেষ্ট ইণ্ডিজ ৷

এই চেম্পিয়নশ্বিপত 9 টা দলে দুই বছৰ পৰ্যন্ত 27 টাকৈ ছিৰিজত 71 খন টেষ্ট মেচত অংশগ্ৰহণ কৰিব ৷ ইয়াৰ পাছতে শীৰ্ষ দুই দলে জুন, 2021 ত গ্ৰেট ব্ৰিটেইনত আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অংশগ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

...view details